NORTHEAST NOW (Assamese)
অসম

ধলাত বিষাক্ত মৰাশ ভক্ষণ কৰি ২৩ টাকৈ দুস্প্ৰাপ্য প্ৰজাতিৰ শগুণৰ মৃত্যু; ১২ টাৰ অৱস্থা সংকটজনক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 18, 2021 7:12 pm
Sogun Final

তিনিচুকীয়া জিলাৰ ধলাৰ তালাব ৰেঞ্জত গৰুৰ দুটাকৈ বিষাক্ত মৰাশ ভক্ষণ কৰি মৃত্যু মুখত পৰিছে দুস্প্ৰাপ্য প্ৰজাতিৰ ২৩ টাকৈ শগুণ।

কালি দিনৰ ভাগত গৰু দুটাৰ মৰাশ ভক্ষণ কৰিছিল এটা শগুণৰ দলে। তাৰ পাছতে নিশা ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত গছৰ পৰা বাগৰি পৰি থিতাতে মৃত্যু হয় বহুকেইটা শগুণৰ। মৃত্যু হোৱা শগুণকেইটা হোৱাইট বেকড আৰু স্লেনডাৰ বিল্ড নামৰ দুটা প্ৰজাতিৰ জনাইছে বিশেষজ্ঞই।

দলটোত থকা ৩৫ টা শগুণ ইতিমধ্যে লাভ কৰিছে বন বিভাগে। ৩৫ টা শগুণৰ ২৩ টাই মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ১২ টাৰ অৱস্থা সংকটজনক বুলি জনাইছে জ্যেষ্ঠ পক্ষী চিকিৎসক খনিন চাংমাইয়ে।

ইতিমধ্যে, চিকিৎসকৰ দলটোৱে ১২ টা জীৱিত শগুণক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি থকা বুলি ড০ চাংমাইয়ে আমাৰ সাংবাদিকক জনায়। মৃত শগুণকেইটাৰো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

অৱশ্যে, মৰাশটোত বিষাক্ত পদাৰ্থ থকাৰ বাবেই শগুণ কেইটাৰ মৃত্যু হ’ল নে অন্য কিবা কাৰণত মৃত্যু হ’ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব বুলি জনাইছে চিকিৎসক ডাঃ চাংমাইয়ে।