NORTHEAST NOW (Assamese)
অসম

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 19, 2021 9:25 am
WhatsApp Image 2021-01-19 at 8.59.32 AM

নিশা ফুটপাথত শুই থকা লোকৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাক। গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা।

বাতৰি অনুসৰি, এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে আৰু আন ৬জন লোক আহত হৈছে।

জানিব পৰা মতে, চুৰাটৰ কোছাম্বাত মাজনিশা এখন ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাছত শুই থকা লোকৰ ওপৰেৰে পাৰ হৈ যায়।

বাতৰি মতে, নিহত লোকসকলৰ আটাইকেইজন ৰাজস্থানৰ বান্সৱাদা জিলাৰ বাসিন্দা। তেওঁলোকে প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে গুজৰাটত কাম কৰিবলৈ আহিছিল।

চুৰাটৰ আৰক্ষী অধীক্ষক চি এম জাডেজাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে, ‘’সম্পূৰ্ণ বোজা কঢ়িয়াই অনা ট্ৰাকখনৰ সৈতে এখন ট্ৰেক্টৰৰ খুন্দা লগাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন ফুটপাথত শুই থকা লোকসকলক মহটিয়াই লৈ যায়।‘’

ঘটনাস্থলীত ১৩জনলোকৰ মৃত্যু হয় আৰু পাছত আহতসকলৰ মাজৰ আন দুজন লোকৰ মৃত্যু হয়।

বাকী আহতসকলক হাস্পাতলত ভৰ্তি কৰা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

গোটেই দিন কাম শেষ কৰি বহু শ্ৰমিকে ফুটপাথতে শুই পৰিছিল। শুই থকা অৱস্থাতে সংঘটিত আকস্মিক দুৰ্ঘটনাটোত কোনোৱে তত ধৰিব নোৱাৰিলে।

মৰ্মান্তিক এন দুৰ্ঘটনাটোৱে অঞ্চলতটোত শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কাৰ্য চলাইছে।