NORTHEAST NOW (Assamese)
অসম

দিল্লীৰ ‘আউটাৰ ৰিং ৰোড’ত ট্ৰেক্টৰ ৰেলীৰ অনুমতি দিয়া নহয়, প্ৰতিবাদী কৃষকক জনালে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2021 5:34 pm

গণৰাজ্য দিৱসত প্ৰতিবাদী কৃষক সকলে দিল্লীত অনুষ্ঠিত কৰিবলৈ বিচৰা ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে এখন বৈঠকত বহে।

কৃষক আৰু আৰক্ষীৰ মাজত অনুষ্ঠিত হোৱা উক্ত বৈঠকৰ অন্তত ক্ৰান্তিকাৰী কিষান য়ুনিয়নৰ নেতা দৰ্শন পালে চৰকাৰে দিল্লীৰ আউটাৰ ৰিং ৰোডত সুৰক্ষাৰ কাৰণে ট্ৰেক্টৰ ৰেলী অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়ে বুলি জানিবলৈ দিয়ে।

পালে চৰকাৰে অনুমতি নিদিলেও প্ৰতিবাদী কৃষক সকলে উক্ত স্থানতে ট্ৰেক্টৰ ৰেলী অনুষ্ঠিত কৰিব বুলি মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, দিল্লী সীমান্তত প্ৰায় দুমাহ ধৰি বিতৰ্কিত কৃষি আইন বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সকলে গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ ৰেলী অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

প্ৰতিবাদী কৃষক সকলৰ এই সিদ্ধান্তৰ পাছতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কৃষক সকলৰ ট্ৰেক্টৰ ৰেলী নিষিদ্ধ কৰাৰ বাবে এখন আবেদন দাখিল কৰিছিল।