NORTHEAST NOW (Assamese)
Popular Stories

তপা হোৱাৰ ভয় এতিয়া আৰু নাই! এটা টেবলেটেই ঘূৰাই আনিব আপোনাৰ হেৰোৱা চুলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2026 7:55 am

বিশ্বজুৰি লাখ লাখ পুৰুষৰ বাবে মূৰৰ চুলি সৰা বা তপা হোৱা সমস্যা এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰাৰ সময়তে শেহতীয়াকৈ চিকিৎসা বিজ্ঞানীসকলে এক নতুন ঔষধৰ সন্ধান উলিয়াইছে যিয়ে এই সমস্যা নিৰ্মূল কৰাৰ দাবী কৰিছে। চিকিৎসা বিজ্ঞানৰ শেহতীয়া গৱেষণাত পোহৰলৈ অহা এই বিশেষ টেবলেটবিধ সেৱন কৰিলে পুৰুষৰ চুলি সৰা বন্ধ হোৱাৰ লগতে নতুন চুলি গজাতো সহায়ক হয় বুলি গৱেষকসকলে প্ৰকাশ কৰিছে।

সাধাৰণতে পুৰুষৰ চুলি সৰা সমস্যা জিনীয় কাৰণ আৰু বিশেষ হৰম‘নৰ প্ৰভাৱত সংঘটিত হয়। বিশেষজ্ঞসকলৰ মতে, এই নতুন ঔষধবিধে শৰীৰত চুলি সৰাৰ বাবে দায়ী হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ গুৰিসমূহ সক্ৰিয় কৰি তোলে। পূৰ্বতে চুলি গজাৰ বাবে ব্যৱহাৰ কৰা তেল বা লোচনসমূহতকৈ এই খোৱা ঔষধবিধ অধিক ফলপ্ৰসূ বুলি দাবী কৰা হৈছে। ক্লিনিকেল পৰীক্ষণৰ সময়ত দেখা গৈছে যে নিয়মীয়াকৈ এই ঔষধ সেৱন কৰা বেছিভাগ পুৰুষৰে চুলি সৰা অভাৱনীয়ভাৱে হ্ৰাস পাইছে।

এই যুগান্তকাৰী ঔষধবিধৰ সন্দৰ্ভত ছাল আৰু চুলি বিশেষজ্ঞসকলে গভীৰ আশা প্ৰকাশ কৰিছে। এগৰাকী জ্যেষ্ঠ গৱেষক তথা ছালৰোগ বিশেষজ্ঞই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে এই টেবলেটবিধে পৰীক্ষাগাৰত আশাপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু ই ব্যয়বহুল অস্ত্ৰোপচাৰ বা চুলি সংৰোপণৰ এক উত্তম বিকল্প হিচাপে পৰিগণিত হ‘ব পাৰে। অতীতত চুলি সৰা ৰোধ কৰিবলৈ বজাৰত উপলব্ধ বহুতো সামগ্ৰীয়ে পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছিল যদিও এই নতুন ঔষধবিধৰ ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়াৰ মাত্ৰা অতি নগণ্য বুলি দাবী কৰা হৈছে। ই সমগ্ৰ বিশ্বৰ তপা সমস্যাত ভোগা পুৰুষসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।

বৰ্তমান এই ঔষধবিধৰ ব্যৱসায়িক উৎপাদন আৰু বিতৰণৰ বাবে প্ৰয়োজনীয় চৰকাৰী অনুমোদন প্ৰক্ৰিয়া অব্যাহত আছে। স্বাস্থ্য কৰ্তৃপক্ষৰ চূড়ান্ত অনুমোদন লাভ কৰাৰ পিছতহে এই ঔষধবিধ সাধাৰণ জনতাৰ বাবে বজাৰত উপলব্ধ হ‘ব আৰু তেতিয়াহে ইয়াৰ প্ৰকৃত সফলতা সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰিব পৰা যাব।