NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ নীলাপানী হ্ৰদত সলিল সমাধি ঘটা সন্ধানহীন যুৱক আয়ানাভৰ মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা November 7, 2020 2:50 pm
WhatsApp Image 2020-11-07 at 2.42.49 PM

শুকুৰবাৰে চামগুৰি কঠালগুৰিৰ নীলাপানীৰ হ্ৰদত সাঁতুৰিবলৈ গৈ সলিল সমাধি ঘটা নগাঁও টাউনৰ যুৱকজনক আজি আৰক্ষী তথা এছ ডি আৰ এফে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই হ্ৰদটোত বিগত সময়ত কেইবাজনো যুৱকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ পাছত ৬ নবেম্বৰৰ দিনা পুনৰ এজন যুৱকে নীলাপানী হ্ৰদটোত সাঁতুৰি থকাৰ সময়তে  সন্ধানহীন হৈ সলিল সমাধি ঘটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

শনিবাৰে পুনৰ পুৱাৰ পৰা চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে হ্ৰদটোত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এছ ডি আৰ এফ বাহিনীয়ে আৰক্ষীৰ সহযোগত পৰৱৰ্তী সময়ত হ্ৰদটোত সলিল সমাধি ঘটা নগাঁৱৰ টাউনৰ ইটাচালিৰ মণি দুৰ্গা এপাৰ্টমেন্টৰ অংশুমান হাজৰিকাৰ পুত্ৰ আয়ানভ হাজৰিকাৰ (২৩) মৃতদেহ  উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে যোৱা শুকুৰবাৰে আয়ানাভ হাজৰিকাই গুৱাহাটী বেলতলাৰ সম্পকীয় দাদা তথা বন্ধু এগৰাকীৰ লগত নীলাপানীৰ হ্ৰদটোলৈ আহিছিল বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে।