NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত নাম থকাসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ January 1, 2019 8:38 pm
Prateek Hejela

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাসকল নহয়, অহাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে কৰ্তৃপক্ষই।

খচৰাত অন্তৰ্ভুক্ত হোৱাসকলৰ নামৰ বানান বা অন্যান্য ভুল শুধৰণিৰ অতি গুৰুত্বপূৰ্ণ অধ্যায়টো আৰম্ভ হ’ব বুধবাৰৰ পৰা।

চলিত মাহৰ ৩১ তাৰিখলৈকে সেৱা কেন্দ্ৰসমূহৰ লগতে বিভাগীয় ৱে’বছাইট www.nrcassam.nic.inত ভুল শুধৰণিৰ বাবে প্ৰপত্ৰ দাখিল কৰিব পাৰিব অসমৰ ৰাইজে।

যোৱা ৩১ ডিচেম্বৰত সামৰণি পৰা “দাবী আৰু আপত্তি” দাখিল প্ৰক্ৰিয়াৰ সৈতে বুধবাৰে আৰম্ভ হ’ব লগা শুধৰণি প্ৰক্ৰিয়াৰ কোনো সম্পৰ্ক নাই।

nrc assam

ভুল শুধৰণি চূড়ান্ত খচৰাত নাম থকাসকলৰ বাবেহে। চূড়ান্ত খচৰাত মুঠ ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ২.৮৯ কোটিৰ নাম অন্তৰ্ভুক্ত হৈছিল।

যোৱা ১২ ডিচেম্বৰৰ শুনানিত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে বাদ পৰা ৪০ লাখ লোকৰ ভিতৰত ১৪.৮ লাখ লোকেহে সেই পৰ্য্যন্ত দাবীৰ আবেদন কৰিছে।

একেটা শুনানিতে ন্যায়ালয়ে ৪০ লাখ লোকৰ ক্ষেত্ৰত “দাবী আৰু আপত্তি”ৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ নথিপত্ৰৰ সত্যাসত্য পৰীক্ষণ ১৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।