NORTHEAST NOW (Assamese)
অসম

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তান : কাৰাটে চেম্পিয়নশ্বিপত স্বৰ্ণ লাভ বঢ়মপুৰৰ বিদ্যুতৰ

Posted by: মিণ্টু দাস January 1, 2019 8:45 pm
Barhampur karete player.photo

পুনৰ সৰ্ব ভাৰতীয় পৰ্যায়ত জিলিকিল অসম সন্তান। কেৰালাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ ২০১৮-১৯’ ত ২০ বছৰ অনুৰ্দ্ধ শাখাত নগাঁও জিলাৰ বঢ়মপুৰৰ বিদ্যুৎ বৰাই আজুৰি আনিলে সোণৰ পদক।

নেশ্যনেল বুদুকন ফেডাৰেশ্যন ইণ্ডিয়া (National Budokan Fedaration India) ৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘কাৰাটে চেম্পিয়নশ্বিপ ২০১৮-১৯’ ত সোণৰ পদক লাভ কৰি বিদ্যুৎ বৰাই অসম তথা নগাঁও জিলাৰ বঢ়মপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে। স্বৰ্ণ কন্যা হিমা দাসৰ সফলতাত উৎসাহিত হৈ প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি সোণৰ পদক আজুৰি আনিলে বিদ্যুৎ বৰাই।

প্ৰায় ৬০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বিদ্যুতৰ শাখাত আছিল মুঠতে ২২ জন প্ৰতিযোগী। আনহাতে, বিদ্যুতে মাত্ৰ ৬ মাহ প্ৰশিক্ষণ লৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, বঢ়মপুৰৰ নিবাসী পিতৃ দুলাল বৰা আৰু মাতৃ নমিতা বৰা পুত্ৰ বিদ্যুতৰ সৰুৰ পৰা কাৰাটেৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ কোনো নাছিল। গুৱাহাটীত উচ্চ শিক্ষা গ্ৰহণ কৰি থাকোতে মাত্ৰ ৬ মাহ প্ৰশিক্ষণ লৈছিল আৰু সৰ্ব ভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা খেলত অসমৰ হৈ খেলিবলৈ সুযোগ পাইছিল।

বিদ্যুতৰ এনে সফলতাত বঢ়মপুৰৰ বিভিন্ন দল সংগঠনে তেওঁক উষ্ম আদৰণি জনায়।