NORTHEAST NOW (Assamese)
অসম

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2021 7:13 pm

হায়দৰাবাদত এগৰাকী পিতৃয়ে নিজৰ ১২ বছৰীয়া সন্তানে পঢ়াত ভাল ফলাফল দেখুৱাব নোৱাৰা বাবে বৃহস্পতিবাৰে পুত্ৰৰ শৰীৰত অগ্নি সংযোগ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১২ বছৰীয়া পুত্ৰ গৰাকীয়ে বিদ্যালয়ত ভাল ফলাফল দেখুৱাব নোৱাৰাৰ বাবেই পিতৃয়ে শৰীৰত জুই লগাই দিয়ে।

প্ৰথমে পাষাণ পিতৃয়ে পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে।

এই প্ৰহাৰত মাতৃয়ে বাধা প্ৰদান কৰিছিল যদিও মাতৃৰ বাধাকো নেওচি পিতৃয়ে পুত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু অৱশেষত শৰীৰত অগ্নি সংযোগ কৰে।

শৰীৰত অগ্নি সংযোগ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১২ বছৰীয়া শিশু গৰাকীয়ে পৰৱৰ্তী সময়ত কৰুণ মৃত্যুক আকোৱালি লয়।

আৰক্ষীয়ে পূৰ্বতেও মৃত্যু হোৱা শিশু গৰাকীক এটা বাইক মেৰামতি কৰা কাৰখানৰ পৰা উদ্ধাৰ কৰিছিল বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে পুত্ৰক হত্যা কৰা পিতৃক আটক কৰিছে বুলি জানিব পৰা গৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছতে হায়দৰাবাদত চাঞ্চল্যৰ সৃষ্টি হৈছে।