NORTHEAST NOW (Assamese)
অসম

নিজ গৃহ পালেহি বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু হোৱা পবিত্ৰ পেগুৰ মৃতদেহ; তদন্তৰ দাবী

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 22, 2021 1:01 pm

বহি:ৰাজ্যৰ বাংগালুৰুত ৰহস্যজনক ভাৱে মৃত্যু হোৱা পবিত্ৰ পেগু নামৰ যুৱকজনৰ মৃতদেহ আজি পুৱা বোকাখাত আহি পায়।

বোকাখাত নগৰৰ পৰা পবিত্ৰ পেগুৰ মৃতদেহ সমদল কৰি নিজৰ বাসগৃহ ২ নং আদৰ্শ মিছিং গাঁৱলৈ নিয়া হয়।

গাঁৱৰ অগনন লোকে এই সমদলত অংশগ্ৰহণ কৰে।

বাংগালুৰুত কৰ্মৰত পবিত্ৰ পেগু কিছুদিনৰ পৰা বাংগালুৰুতেই নিৰুদ্দেশ হৈ আছিল।

উল্লেখ্য যে যোৱা ডেৰটা বছৰ পূৰ্বে বাংগালুৰুলৈ কৰ্মসূত্ৰে যোৱা বোকাখাতৰ ২নং আদৰ্শ মিছিং গাঁৱৰ যুৱক পবিত্ৰ পেগু যোৱা ১২ জানুৱাৰিত নিজ গৃহলৈ উভতি অহা কথা আছিল।

যাৰ বাবে ১১ জানুৱাৰিত ৰেইলৰ টিকট কনফাৰ্ম হৈছিল পবিত্র পেগুৰ আৰু ১২ জানুৱাৰিত উভটি অহা কথা আছিল নিজ গৃহলৈ।

ফোনযোগে পবিত্রই এই কথা অৱগত কৰিছিল পিতৃক

কিন্তু ১২ জানুৱাৰিৰ পৰাই ৰহস্যজনকভাৱে বাংগালুৰুতে নিৰুদ্দেশ হয় পবিত্ৰ পেগু।

ইয়াৰ পিছতেই বাংগালুৰুৰ পৰা সতীৰ্থই ফোনযোগে পবিত্ৰ পেগুৰ মৃতদেহ চেশ্ৰাদ্ৰিপুৰমৰেইললাইনৰ পৰা উদ্ধাৰ হোৱাৰ কথা পৰিয়ালক জনায়।

১৮ জানুৱাৰfৰ দিনা চেশ্ৰাদ্ৰিপুৰম আৰক্ষীয়ে ৰেইল লাইনৰ পৰা উদ্ধাৰ কৰে পবিত্ৰ পেগুৰ মৃতদেহ

ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে পবিত্ৰৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি বোকাখাত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

আজি যুৱকজনৰ মৃতদেহ বোকাখাত পোৱাৰ পিছত বোকাখাতৰ ২ নং আদৰ্শ মিছিং গাঁৱত শোকাকূল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে গাঁওবাসীৰ লগতে বিভিন্ন দল-সংগঠনে পবিত্ৰ পেগুৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰিছে।