NORTHEAST NOW (Assamese)
অসম

GMCত MBBSৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; হোষ্টেলৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 15, 2020 11:03 am
WhatsApp Image 2020-09-15 at 10.24.55 AM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন MBBS চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ।

২৩ বছৰীয়া মৃত ছাত্ৰ জনৰ নাম নিমচিংপেউং পামে বুলি চিনাক্ত কৰা হৈছে।

তেওঁৰ ঘৰ ডিমা হাছাওৰ মাহুৰত বুলি জানিব পৰা গৈছে।

GMC ৰ ৪ নং হোষ্টেলৰ আবাসী আছিল মৃত ছাত্ৰজন।

ছাত্ৰাবাসৰ প্ৰথম মহলাৰ ১১৩ নম্বৰ কোঠাৰ আবাসী আছিল মৃত ছাত্ৰজন।

হোষ্টেলৰ তলত মৃতদেহটো পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে।

মৃতদেহৰ মূৰ আৰু মুখত আঘাতৰ চিন স্পষ্ট।

মৃতদেহটো অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে আৰু হোষ্টেলৰ তলত তললৈ মুখ কৰি পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

বৰ্তমানলৈকে ছাত্ৰজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।