NORTHEAST NOW (Assamese)
অসম

আকৌ পিঁয়াজে কন্দুৱাব? ৰপ্তানিত নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 10:46 am
1568735217_1

ৰান্ধনি ঘৰৰ অতি প্ৰয়োজনীয় উপাদান হিচাপে পিঁয়াজ হৈছে ৰান্ধনিৰ প্ৰথম পছন্দ। সেয়েহে, পিঁয়াজৰ দৰ বৃদ্ধি পালে ৰান্ধনি ঘৰত ইয়াৰ প্ৰভাৱ পৰে আটাইতকৈ বেছি।

বজাৰত পিঁয়াজৰ যোগান হ্ৰাস পোৱাৰ ফলত মূল্যবৃদ্ধিৰ আশংকা কৰি সকলোধৰণৰ পিঁয়াজ ৰপ্তানিত সোমবাৰে কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে।

বিগত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে পিঁয়াজৰ ৰপ্তানি ৩০শতাংশ বৃদ্ধি পোৱাৰ ফলত বজাৰত মূল্যবৃদ্ধি ঘটিবলৈ আৰম্ভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত ডাইৰেক্টৰেট জেনেৰেল অফ ফৰেইন ট্ৰেডে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৰপ্তানি চলিল যদিও তাৎক্ষণিকভাৱে পিঁয়াজৰ ৰপ্তানি নিষিদ্ধ কৰা হৈছে।

যোৱা ২০১৯ৰ ২৯ ছেপ্টেম্বৰত শেষবাৰ উৎপাদন কম হোৱাৰ বাবে পিঁয়াজৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

যোৱাটো বৰ্ষৰ ডিচেম্বৰলৈকে পিঁয়াজৰ দৰ প্ৰতি কিলোগ্ৰামত ৮০টকালৈকে বৃদ্ধি পাইছিল। পাছত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত চলিত বছৰৰ মাৰ্চত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছিল।

ভাৰেত ২০১৯-২০ বিত্তীয় বৰ্ষত মুঠ ৩২৮কোটি ডলাৰ মূল্যৰ পিঁয়াজ তথা ১১২কোটি ডলাৰ মূল্যৰ শুকান পিঁয়াজ ৰপ্তানি কৰিছে।

চৰকাৰী হিচাপ অনুসৰি আগষ্ট মাহত দেশৰ খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৬৯শতাংশলৈ বৃদ্ধি পাইছে।

গ্ৰাহক মূল্য সূচকাংক অনুসৰি, যোৱা মাহত খাদ্যবস্তুৰ মুদ্ৰাস্ফীতিৰ হাৰ ৯.০৫শতাংশ হ্ৰাস পাইছে। তথাপি, আগষ্টত সামগ্ৰিক খাদ্য তথা পানীয়ৰ মৃল্যবৃদ্ধিৰ হাৰ ৮.৩শতাংশ বৃদ্ধি পায়।

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্ছৰ প্ৰধান অৰ্থনীতিবিদ সুনীল কুমাৰ সিনহাই জানিবলৈ দিয়ে যে ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ কমেও ৪.৫শতাংশ হ্ৰাস নাপালে আগন্তুক তিনিমাহত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৬শতাংশ অতিক্ৰম কৰি যাব।

সেয়েহে, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ হিচাপেই কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানিত নিষধাজ্ঞা আৰোপ কৰাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।