NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত দেশত ৮৩,৮০৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত, ১০৫৪ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 12:12 pm

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ সোমবাৰৰ পুৱা ৮ বজাৰ পৰা মঙলবাৰৰ পুৱা ৮ বজালৈকে দেশত ৮৩,৮০৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৪৯,৩০,২৩৬ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ১০৫৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭৯,২৯২ গৰাকী লোক সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছে।

এই পৰ্যন্ত দেশত মুঠ ৮০,৭৭৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৩৮,৫৯,৩৯৯ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৯,৯০,০৬১ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।

আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি দেশত এই পৰ্যন্ত ৫,৮৩,১২,২৭৩ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ইয়াৰে ১০,৭২,৮৪৫ গৰাকী লোকক যোৱা ২৪ ঘণ্টাত চেষ্ট কৰা হৈছে।