NORTHEAST NOW (Assamese)
অসম

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 3:05 pm
aaa rrrr

এজন নহয়, দুজন নহয় ৪৪ জন লোকে তিনি বছৰ ধৰি ধৰ্ষণ কৰি গ’ল এগৰাকী ১৭ বছৰীয়া কিশোৰীক।

আচৰিত কথাটো হ’ল কিশোৰীগৰাকী ধৰ্ষিতা হ’বলগীয়া হ’ল তেওঁৰ নিজৰেই আ্ত্মীয় লোকৰ দ্বাৰা।

এই পাশৱিক ঘটনাটো সংঘটিত হৈছে কেৰালাৰ মালাপ্পুৰম জিলাৰ পাণ্ডিকাড অঞ্চলত ।

উক্ত অঞ্চলত মাক আৰু ককায়েকৰ সৈতে বাস কৰা কিশোৰীগৰাকীৰ বয়স যেতিয়া ১৩ বছৰ আছিল তেতিয়াই তেওঁ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে।

কিশোৰীগৰাকীৰ মাকে সেই সময়তে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ প্ৰায় এবছৰ পিছত কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা যায়।

ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক শিশু গৃহলৈ প্ৰেৰণ কৰে।

শিশু গৃহত এবছৰ থকাৰ পিছত তেওঁক ঘৰলৈ পঠিয়াই দিয়া হয়।ইয়াৰ পিছতে কিশোৰীগৰাকীৰ ওপৰত ৪৪ জনকৈ আত্মীয়ই আৰম্ভ কৰে যৌন নিৰ্যাতন।

৪৪ জন আত্মীয়ই ধৰ্ষণ কৰা কিশোৰীগৰাকীক কিছুদিন পূৰ্বে এজন আত্মীয়ই ঘৰৰ পৰা অপহৰণ কৰি নিয়ে আৰু এঠাইত ৰাখি কেইবাদিনো ধৰি বলাৎকাৰ কৰে।

ইয়াৰ পিছতে কিশোৰীগৰাকীয়ে সাহস গতাই আৰক্ষীৰ কাষ চাপে।

মালাপ্পুৰমৰ আৰক্ষী বিষয়া মহম্মদ হানিফে প্ৰকাশ কৰা মতে এতিয়ালৈকে ২০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।