NORTHEAST NOW (Assamese)
অসম

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 3:32 pm
a mime

ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত অসমৰ প্ৰতিষ্ঠিত মূকাভিনয় শিল্পী মইনুল হকৰ তত্ত্বাৱধানত গুৱাহাটীৰ মাইম অকাডেমীৰ উদ্যোগত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সহযোগিতাত ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে প্ৰতি সন্ধিয়া ৬ বজাত অনুষ্ঠিত হৈছে ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ৷

পঞ্চমবাৰৰ বাবে ভাৰ্চুৱেলি আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটীৰ মাইম অকাডেমীৰ ৰ’চন হক,পশ্চিম বংগৰ দেৱ কুমাৰ পাল,শোভেন্দু মুখপাধ্যায়,ৰতন চক্ৰৱৰ্তী,উজ্জয়িনীৰ মাইম এডুকেচন ছচাইটিৰ জিতেন্দ্ৰ তট্‌ৱাল,আছাম মাইম এণ্ড স্কিট থিয়েটাৰৰ সঞ্চালক কুলদীপ পাটগিৰী,ত্ৰিপুৰাৰ লিটিল ড্ৰামা গ্ৰুপৰ সঞ্চালক গৌতম সাহা,কলাকাৰ অসমৰ সঞ্চালক শৈলেন কাকতি,ডুলীয়াজানৰ হেমন্ত কাকতিয়ে অংশগ্ৰহণ কৰিব৷

আগ্ৰহী দৰ্শকে https://www.facebook.com/mimeacademyghy/ আৰু https//youtube.com/channel/UCsBvaN9JR8-eAi280LQwmhg এই লিংকযোগে এই মূকাভিনয় মহোৎসৱৰ অনুষ্ঠান উপভোগ পৰিব পাৰিব৷