NORTHEAST NOW (Assamese)
অসম

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 22, 2021 3:42 pm
হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজো ব্লক কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

কৃষক বিৰোধী আইন বাতিলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।

হাজো উচ্চচতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাজোৰ চক্ৰবিষয়াৰ কাৰ্যালয়লৈ উলিওৱা এই বিশাল চাইকেল ৰেলীত হাজো ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থকাৰ লগতে পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এই চাইকেল ৰেলীৰ কাৰ্যসূচীৰ পাছতেই হাজো ব্লক কংগ্ৰেছৰ তৰফৰ পৰা হাজোৰ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ কংগ্ৰেছ কৰ্মী সকলৰ প্ৰতিবাদ হাজোৰ ৰাজপথ কঁপি উঠে।

কংগ্ৰেছ কৰ্মী সকলে ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰ নিপাত যাওক, বিজেপি চৰকাৰ মূর্দাবাদ আদি ধ্বনিৰে হাজোৰ আকাশ-বতাহ কপাঁই তোলে।