NORTHEAST NOW (Assamese)
অসম

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 4:05 pm
৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

চীনে ৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক চিনোফাৰ্মৰ কোভিড-১৯ ভেকচিন প্ৰদান কৰিব।

বৃহস্পতিবাৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে চীনে পাকিস্তানলৈ কোভিড-১৯ ভেকচিন উপহাৰ হিচাপে আগবঢ়াব বুলি জানিবলৈ দিয়ে।

চীন পাকিস্তানক চিনোফাৰ্মৰ মুঠ পাঁচ লাখ কোভিড ভেকচিন আগবঢ়াব।

‘‘চীনে আমাক বিমান পঠাবলৈ আৰু কোভিড ভেকচিন লৈ যাবলৈ আহ্বান জনাইছে,’’ পাকিস্তানী বৈদেশিক মন্ত্ৰী গৰাকীয়ে লগতে কয়।

পাকিস্তানৰ ড্ৰাগ ৰেগুলেট’ৰী কৰ্তৃপক্ষই ১৮ জানুৱাৰিত চীনৰ কোভিড-১৯ ভেকচিন দেশখনত জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, বিশ্বৰ উন্নত দেশবোৰৰ লগতে ভাৰতে নিজাকৈ কোভিড ভেকচিন প্ৰস্তুত কৰাৰ সময়ত পাকিস্তানে ভেকচিনৰ অনুদানৰ বাবে অন্য দেশলৈ বাট চাবলগীয়া হোৱাত দেশখনৰ জনসাধাৰণে ইমৰাণ খান চৰকাৰক সমালোচনা কৰিছে।