NORTHEAST NOW (Assamese)
অসম

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 23, 2021 7:22 am
IMG-20210122-WA0032

উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিস্থান টীয়ক  চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সকলো পদতে  আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত হোৱা উক্ত জয়ে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভা খনক একেৰাহে চতুৰ্থ বাৰলৈ আছুৰ দখললৈ নিয়ে।

নিৰ্বাচনত সভাপতি হিচাপে অভিশেষ মহন্ত, সাধাৰণ সম্পাদক বিশ্বজ্যোতি বৰা, উপ-সভাপতি সুৰভী বৰা, সহকাৰী সাধাৰণ সম্পাদক বিবেক প্ৰসাদ শ্বাহ, খেল বিভাগৰ সম্পাদক অচ্যুত গগৈ, সাংস্কৃতিক বিভাগৰ সম্পাদক  পাৰিজাত শইকীয়া, তৰ্ক বিভাগৰ সম্পাদক হিচাপে লিকুপন বৰা নিৰ্বাচিত হয়।

সেইদৰে, সাহিত্য বিভাগৰ সম্পাদক ৰনজিতা দত্ত, উৎসৱ বিভাগৰ সম্পাদক কৌশিক বৰুৱা, সমাজ সেৱা বিভাগৰ সম্পাদক নিতুমণি লাহন, ছাত্ৰ জিৰণি কোঠা সম্পাদক চিৰাজ হুছেইন, ছাত্ৰী জিৰণি কোঠা সম্পাদিক ভৈৰৱী ফুকন, আলোচনী বিভাগৰ সম্পাদিকা হিচাপে গিতাশ্ৰী বৰা নির্বাচিত হয়।

উল্লেখযোগ্য যে ইয়াৰে সভাপতি,খেল বিভাগৰ সম্পাদক,সাহিত্য আৰু প্ৰাচীৰ পত্ৰিকা বিভাগৰ সম্পাদক আৰু সমাজ সেৱা বিভাগৰ সম্পাদক পদৰ বাবেহে প্ৰতিদ্বন্দিতা হৈছিল। বাকী সকল পদত প্ৰাৰ্থীসকলে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰে।

প্ৰাৰ্থী সকলে জয় লাভৰ পাছতেই মহাবিদ্যালয় প্ৰাংগনৰ শ্বহীদ বেদীত সেৱা লয় আৰু মনৰ অনুভৱ ব্যক্ত কৰে। উক্ত স্থানত  টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা কাৰ্যসূচী আগবঢ়াই নিয়ে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্তই।

এই অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা জনাই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক প্ৰীতম জ্যোতি শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞা আৰু টীয়ক আছুৰ সভাপতি পাপু কলিতাই।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দীপাংকৰ বেজবৰা, উপ-সভাপতি ৰক্তিম হাজৰিকা, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা, উপ-সভাপতি আকাশ গগৈ আৰু আকাশ বৰা, মুখ্য সাংগঠনিক সম্পাদক ঋতুপৰ্ণ বৰা, কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঋতুৰাজ গগৈ, চন্দন দত্ত আৰু মহাবিদ্যালয় আছু গোটৰ সভাপতি অভিশেষ দত্ত আৰু সাধাৰণ সম্পাদক ৰক্তিম বুঢ়াগোহাঁই প্ৰমুখ্যে ছাত্ৰ-ছাত্ৰী সকল।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দ্বীপ দত্তই সকলো নিৰ্বাচিত বিষয়ববীয়ালৈ অভিনন্দন আৰু শুভেচ্ছা জনাইছে।