NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2021 11:14 am

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাতিপুৱা ১১ বজাত ঐতিহাসিক জেৰেঙা পথাৰত জনসভাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ বিমানেৰে প্ৰথমে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্তাৰেৰে জেৰেঙা পথাৰলৈ ৰাওনা হয়।

মঞ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলে আদৰণি জনায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰেঙা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত ভাষণ ৰখাৰ লগতে প্ৰায় ১ লাখ খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰিব।

২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

উদ্বোধনী ভাষণ ৰখা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড সংক্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক কোভিডৰ সময়ত অসমৰ জনসাধাৰণলৈ আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।