NORTHEAST NOW (Assamese)
অসম

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2021 1:10 pm

ভাৰতে বহুকেইখন ৰাষ্ট্ৰক কোভিডৰ ভেকচিন সাহায্য হিচাপে আগবঢ়োৱা বাবে আমেৰিকা যুক্তাৰাষ্ট্ৰই ভাৰতক উচ্চ প্ৰশাংসাৰে উপচাই পেলাইছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগে ভাৰতক ‘প্ৰকৃত বন্ধু’ হিচাপে অভিহিত কৰি বিশ্ব সম্প্ৰদায়ক লাখ লাখ কোভিড ভেকচিনেৰে সহায় কৰা বাবে প্ৰশংসা কৰে।

ভাৰতে বাংলাদেশ, নেপাল, ভূটান, মালদ্বীপ, ম্যানমাৰ, মৰিছাছ আদি দেশক বিনামূলীয়াকৈ কোভিডৰ ভেকচিন যোগান ধৰিছে।

ভাৰতে বাণিজ্যিকভাৱেও ব্ৰাজিল আৰু মৰক্কোলৈ কোভিড ভেকচিন পঠিয়াইছে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে ভাৰতে কোভিডৰ ভেকচিন প্ৰেৰণ কৰাৰ পাছতে প্ৰভু হনুমানৰ আলোকচিত্ৰৰে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।

নেপাল, বাংলাদেশ, ভূটান আদি ভাৰতৰ চুবুৰীয়া দেশে ভাৰতৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

কোভিড সংক্ৰমণৰ সময়ত ভাৰতে বিশ্বৰ বহু দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইন, পি পি ই কিট, মাস্ক আদিৰে সহায় কৰিছিল।