NORTHEAST NOW (Assamese)
অসম

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা January 23, 2021 1:00 pm
জাকাই ইক' কেম্প

পৰ্যটকক আদৰিবলৈ সাজু হৈছে কলিয়াবৰত নতুনকৈ আৰম্ভ হোৱা জাকাই ইক’ কেম্প।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰক পৰ্যটনক্ষেত্ৰ হিচাবে গঢ় দিবলৈ লোৱা চেষ্টাক অৰিহণা যোগাব এই জাকাই ইক’ কেম্পে।

কলিয়াবৰৰ কেইজনমান শিক্ষিত যুৱকে কলিয়াবৰৰ ৰাঙলু পাহাৰগুৰিত আৰম্ভ কৰিছে এই জাকাই ইক’ কেম্প।

ইতিহাস প্ৰসিদ্ধ কুকুৰাকটা পাহাৰৰ নিচেই কাষতে থকা গোৰ্খা সম্প্ৰদায়ৰ বসতিস্থল পাহাৰগুৰিত আৰম্ভ হোৱা জাকাই ইক’ কেম্পে অতিকৈ পিছপৰা পাহাৰগুৰি অঞ্চলবাসীক আৰ্থ সামাজিক ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাব।

তাৎপৰ্যপূৰ্ণভাৱে কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলত থকা বন্যপ্ৰাণী চাবলৈ অহা পৰ্যটকসকলে এই জাকাই ইক’ কেম্পত আহি থাকিব পাৰিব।

পৰ্যটকসকলক লগতে কলিয়াবৰৰ হাতীমূৰা¸নদী পৰ্যটন আদি উপভোগ কৰাত জাকাই ইক’ কেম্পে সহায় কৰিব।

আজি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে জাকাই ইক’ কেম্প। অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ।

থকা-খোৱাৰ সু-ব্যৱস্থা থকা জাকাই ইক’ কেম্পৰ আৰম্ভৰ দিনটোতে পাঁচজনকৈ পৰ্যটক থাকিবলৈ অহাৰ খবৰে কলিয়াবৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ সঞ্চাৰ কৰিছে।

অভিনেত্ৰী চয়নিকা কাশ্যপ আৰু উদীয়মান কবি ভাস্কৰ শইকীয়াই আঁত ধৰা জাকাই কেম্পৰ উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে কেইবাগৰাকীও শিল্পীয়ে।