NORTHEAST NOW (Assamese)
বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ চমক : জেনেটিক ইঞ্জিনিয়াৰিঙৰ দ্বাৰা পুনৰ জন্ম লাভ কৰিলে ১২ হাজাৰ বছৰৰ আগতে বিলুপ্ত হোৱা জন্তুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2025 9:09 am

প্ৰায় ১২,৫০০ বছৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিছিল ডায়াৰ উলভছ হাউল নামৰ এবিধ বিশেষ কুকুৰনেচীয়া। কিন্তু বিজ্ঞানী সকলে জেনেটিক ইঞ্জিনিয়াৰিঙ পদ্ধতিৰ দ্বাৰা পুনৰ পৃথিৱীলৈ ঘূৰাই আনিছে বিলুপ্ত হৈ যোৱা এই বিশেষ জন্তুটো।

বিজ্ঞানীসকলে জন্ম দিছে এই প্ৰজাতিটোৰ দুটাকৈ পোৱালি। পোৱালি দুটাৰ নাম ৰোমুলাছ আৰু ৰেমুছ। পোৱালি দুটাৰ বয়স মাত্ৰ ছমাহ যদিও ইতিমধ্যে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় চাৰি ফুট আৰু ওজন ৩৬ কিলোগ্ৰামতকৈ বেছি।

এই গৱেষণা প্ৰক্ৰিয়াৰ লগত জড়িত টেক্সাছস্থিত কলছাল বায়ছায়েন্সেছৰ এক প্ৰতিবেদন অনুসৰি তেওঁলোকে প্ৰাচীন ডিএনএ, ক্লনিং আৰু জিন সম্পাদনা ব্যৱহাৰ কৰি এই বিলুপ্তপ্ৰায় প্ৰজাটিটোৰ সৃষ্টি কৰিছে।

বিজ্ঞানীসকলে এই ডায়াৰ উলভছ হাউলৰ নিকটতম জীৱিত প্ৰজাতিৰ ডি এন এ ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে বিলুপ্ত হোৱাৰ আগত ডায়াৰ উলভছ হাউল আছিল এবিধ ভয়ংকৰ আৰু চিকাৰী জন্তু। ইহঁতৰ আকাৰ আছিল আন কুকুৰনেচীয়াতকৈ ডাঙৰ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজি (এম আই টি) উভয়ৰে সহ-প্ৰতিষ্ঠাপক তথা জেনেটিক্সৰ অধ্যাপক জৰ্জ চাৰ্চে কয় যে জন্মৰ কিছু সময়ৰ পিছৰ পৰাই পোৱালী দুটাক বটলৰ গাখীৰ খুওৱা হৈছিল। এতিয়া পোৱালি দুটা ডাঙৰ হৈছে আৰু সম্পূৰ্ণ সুস্থ।

কিন্তু এই পোৱালি দুটাৰ আচৰণ বৰ্তমানৰ আন কুকুৰনেচীয়াৰ প্ৰজাতিৰ তুলনাত পৃথক। মানুহৰ উপস্থিতিত কুকুৰনেচীয়া পোৱালিয়ে যি উচ্ছলতা প্ৰদৰ্শন কৰে সেয়া ইহঁতৰ নাই। ৰোমুলাছ আৰু ৰেমুছে মানুহৰ পৰা নিজৰ দূৰত্ব বজাই ৰাখে আৰু মানুহ ওচৰ চাপি অহাৰ লগে লগে পিছুৱাই যায়। সিহঁত অকলশৰীয়া হব বিচাৰে।

কলছাল বায়ছায়েন্সেছৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বেন লেমে এক প্ৰেছ বিবৃতিত কয় যে আমাৰ দলটোৱে  এই প্ৰজাতিটোৰ ১৩ হাজাৰ বছৰ পুৰণি দাঁত আৰু ৭২ হাজাৰ বছৰ পুৰণি লাওখোলাৰ ডি এন এ লৈ ৰোমুলাছ আৰু ৰেমুছক সৃষ্টি কৰিছিল।

উল্লেখ্য যে বৰ্তমান এই কুকুৰনেচীয়া দুটাই ১০ ফুট ওখ বেৰেৰে আবদ্ধ অজ্ঞাত স্থানৰ ২০০০ একৰ ভূমিত বাস কৰি আছে। যত নিৰাপত্তাৰক্ষী, ড্ৰন আৰু লাইভ কেমেৰাই কুকুৰনেচীয়া দুটাক নিৰীক্ষণ কৰি আছে।