NORTHEAST NOW (Assamese)
অসম

টীয়কত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 22, 2020 8:37 pm
টীয়কত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ

বৰ অসমৰ খনিকৰ চাওলুং চ্যুকাফা আৰু অসমৰ মুখ্য মন্ত্ৰীক পশ্চিমবংগত অপমান কৰাৰ প্ৰতিবাদত আজি সন্ধিয়া যোৰহাট জিলাৰ টীয়কৰ এ বি আই তিনিআলিত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে, চাওলুং চ্যুকাফা ওপৰত বিকৃত মন্তব্য দাঙি ধৰা স্বয়ম্ভু বুদ্ধিজীৱী গৰ্গ চেতাৰ্জীক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাছত কলকতা অভিমুখে ৰাওনা হোৱা অসম আৰক্ষীৰ দলক ঘেৰাও কৰি ৰাখিছে পশ্চিমবংগৰ একাংশ ব্যক্তিয়ে।

কলকাতাত থকা অসম ভৱনৰ সন্মুখতো প্ৰতিবাদকাৰী সকলে অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পশ্চিমবংগৰ বহু কেইখন জিলাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰিছে।

অসমীয়াৰ আৱেগ আৰু স্বাভিমান চ্যুকাফাক চুড়ান্তভাৱে অপমান কৰা পাছতো মমতা বেনাৰ্জীৰ গৃহ বিভাগে নীৰৱ ভূমিকা পালন কৰিছে।

পশ্চিমবংগৰ বঙালীয়ে চ্যুকাফাৰ মৈদামক  চাইনিজ মৈদাম হিচাপে আখ্যা দি অসমীয়াৰ স্বাভীমানক ধূলিসাৎ কৰি অসমীয়াৰ আৱেগক ভৰিৰে মোহৰা আৰু অসমৰ মুখ্য মন্ত্ৰীক অপমান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি অসমীয়া আৰু অসমৰ ইতিহাসক বিকৃত কৰিলে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে তাৰ প্ৰতিক্ৰিয়া দিবই বুলি হুংকাৰ দিয়ে।