NORTHEAST NOW (Assamese)
অসম

বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-০ গ’লত পৰাস্ত নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 8:02 am
EME3aFYUEAAgE1F

আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ মেচত বুধবাৰে বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২-০ গ’লৰ ব্যৱধানত পৰাস্ত হয় নৰ্থ-ইষ্ট য়ুনাইটেড।

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত যোৱাবাৰৰ চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমাৰ্ধত ঘৰুৱা দলটোৱে গ’লশূন্যভাৱে ড্ৰ খেলিবলৈ সক্ষম হয়।

কিন্তু দ্বিতীয়াৰ্ধৰ ৬৮ মিনিটত আলহী দলটোৱে লাভ কৰা এটা পেনাল্টিৰ জৰিয়তে প্ৰথমটো অগ্ৰগতি লয়। বেংগালুৰুৰ হৈ গ’লটো দিয়ে অধিনায়ক তথা ষ্টাৰ ফুটবলাৰ সুনীল চেত্ৰীয়ে।

ইয়াৰ কিছু সময় পিছতেই অৰ্থাৎ ৮০ মিনিটত বেংগালুৰুৱে দ্বিতীয়টো আঘাত হানে নৰ্থ-ইষ্টৰ শিবিৰত। এলবাৰ্ট ছেৰানৰ চমকপ্ৰদ গ’লে বেংগালুৰু এফ চিৰ বিজয় সুনিশ্চিত কৰে।

চলিত ছিজনত নৰ্থ-ইষ্ট য়ুনাইটেডৰ এয়া দ্বিতীয় পৰাজয়। বেংগালুৰু এফ চিৰ পূৰ্বে এ টি কেৰ বিৰুদ্ধেও পৰাস্ত হৈছিল নৰ্থ-ইষ্ট য়ুনাইটেড।