NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীস্থিত অ’টিছ কোম্পানীৰ উত্তৰ-পূবৰ ক্ষেত্ৰ পৰিচালক সন্ধানহীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2019 8:22 am

অ’টিছ এলিভেটৰ কোম্পানীৰ উত্তৰ-পূবৰ ক্ষেত্ৰ পৰিচালক শংখ মজুমদাৰ যোৱা বুধবাৰৰ অৰ্থাৎ ১৮ ডিচেম্বৰৰ পৰা তেওঁৰ গুৱাহাটীস্থিত কাৰ্য্যালয়ৰ পৰা সন্ধানহীন হৈ আছে।

কাৰ্য্যালয়টো খানাপাৰাৰ লিচুবাৰীত থকা গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ কৃষ্ণ কান্ত সন্দিকৈ পথত অৱস্থিত।

৪৬ বছৰীয়া মজুমদাৰৰ দুটা মোবাইল ফোন আছে আৰু দুইটায়ে তেওঁৰ কাৰ্য্যালয়ত পোৱা গৈছে। তেওঁক বুধবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত দেখা গৈছিল।

তেওঁৰ পৰিয়াল কলকাতাত থাকে। তেওঁৰ পৰিবাৰে জনোৱা মতে মজুমদাৰ যোৱা কেইবা বছৰ ধৰি গুৱাহাটীত আছে ইমান দিনে কোনোদিন আপত্তি কৰা নাই। অ’টিছ কাৰ্য্যালয়ৰ বিষয়াসকলৰ দিচপুৰ আৰক্ষী থানাত তেওঁ নিৰুদ্দেশ হৈ থকা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও মজুমদাৰ নিজে নোহোৱা হৈছে নে তেওঁক কোনোবাই অপহৰণ কৰিছে তেওঁৰ কোনা সম্ভেদ লাভ কৰা নাই।