NORTHEAST NOW (Assamese)
অসম

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2021 4:21 pm
a tez

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ঘোষণা কৰা আজি ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ  তেজপুৰৰ লগতে জিলা খনতে সৰ্বাত্মক ৰুপে  পৰা পৰিলক্ষিত হয়।

সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সকলোকে এই বন্ধৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে ধন্যবাদ জনাইছে।

এক বিবৃতিত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই কয় —’বন্ধ সংস্কৃতিৰ আমিও বিৰোধিতা কৰো।
দিন হাজিৰা কৰি খোৱা মানুহৰ এদিনৰ উপাৰ্জন বন্ধ হ’লে কিছু অসুবিধা হয়। সেই একে শ্ৰেণীৰ মানুহক যোৱা Lockdownৰ সময়ত ছাত্ৰ সন্থাই জিলাই জিলাই  গৈ সহায়ৰ হাত আগবঢ়াইছিল।

কিন্ত যেতিয়া জাতিৰ স্বাৰ্থত ওলাই অহা গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি সন্মান নজনাই, গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত বহিৰাগত CRPFএ আহি  খিলঞ্জীয়া ছাত্ৰ আৰু ছাত্ৰীক নিৰ্মম ভাবে প্ৰহাৰ কৰে তেতিয়া কিছুমান কঠোৰ সিদ্ধান্ত লবলৈ আমিও বাধ্য হৈ পৰো।’

আজিৰ বন্ধৰ পৰা সকলো অত্যৱশ্যকীয় সেৱা, বিয়া যাত্ৰী আদিক ৰেহাই দিয়া হৈছে।
কতো কোনো ধৰণৰ হিংসাত্মক ঘটনা  ঘটাৰ বাতৰি অহা নাই।