NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 23, 2021 3:54 pm
a amit

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি আহিছে শ্বিলঙলৈ।

উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্বিলঙলৈ অহা অমিত শ্বাহৰ অনুষ্ঠানত লক্ষ্যণীয় ভাবে সীমিত কৰা হ’ল সাংবাদিকৰ  প্ৰৱেশ।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সমস্যাৰে ভাৰাক্ৰান্ত উত্তৰ পূবলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাংবাদিকসকলেহে অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ ছবি খনৰ বিষয়ে অৱগত কৰিব পাৰিলেহেঁতেন যদিও ৰহস্যজনক কাৰণত সেই সকলো কথাৰে মুদা মাৰি থোৱা হ’ল।

উত্তৰ পূব পৰিষদৰ সচিব মজেছ চালাইয়ে সাংবাদিকৰ প্ৰৱেশ সীমিত কৰাৰ বিষয়ত যুক্তি দাঙি ধৰি কৈছে যে কোভিড পৰিস্থিতিৰ বাবেই সাংবাদিকৰ প্ৰৱেশ সীমিত কৰা হৈছে।

পৰিষদৰ সভা কক্ষটো যিহেতু সৰু সেই বাবেই মাত্ৰ ১০ জন বচা বচা সাংবাদিককহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে বুলি তেওঁ কয়।

ইপিনে মাত্ৰ ১০ জন সাংবাদিককহে অমিত শ্বাহৰ অনুষ্ঠানত উপস্থিত থকাৰ অনুমতি দিয়াৰ কথাই এতিয়া সাংবাদিক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

কি বিশেষ যোগ্যতাৰ ভিত্তিত সেই ১০ গৰাকী সাংবাদিকক নিৰ্বাচন কৰা হ’ল সেয়া প্ৰকাশ কৰিবলৈ আন সাংবাদিকসকলে দাবী জনাইছে।

মেঘালয়কে ধৰি উত্তৰ পূবৰ আন ৰাজ্যত আন্তঃৰাজ্যিক পাৰপত্ৰ কিয় দিয়া হোৱা নাই, মণিপুৰৰ সাংবাদিকক কিয় ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আদি প্ৰশ্নৰে সাংবাদিকসকলে অমিত শ্বাহক ব্যতিব্যস্ত কৰি তোলাৰ আশংকা কৰিয়েই কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ অনুষ্ঠানত সাংবাদিকৰ প্ৰৱেশ সীমিত কৰা হৈছে বুলি বহুতে আলোচনা কৰিছে।