NORTHEAST NOW (Assamese)
অসম

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ January 25, 2021 6:44 am
Screenshot_20210124_172110

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজ্যজুৰি কা আইন বাতিল কৰাৰ দাবী জনাই এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰা হৈছে।

দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত ৰাজ্য অন্য প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো কা’ ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে।

ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সকলে কয়লা নগৰী মাৰ্ঘেৰিটাৰ চেগুনবাৰী তিনিআলি ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত নৰেন্দ্ৰ মোদী হুছিয়াৰ, অমিত শ্বাহ হুছিয়াৰ, অসম চৰকাৰ হুছিয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায় ,কা আমি নামানো, আদি শ্লোগানৰে মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলি ৰাষ্ট্ৰীয় ঘাইপথ কঁপাই তোলে ।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰুপম বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাই জনাই অহা কা বাতিলৰ দাবী যদি বিজেপি নেতৃত্বাধীন চৰকাৰখনে অনতিপলমে মানি নলয় তেনেহ’লে ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’বলৈ চৰকাৰ সাজু থাকক বুলি হুংকাৰ প্ৰদান কৰে।

দেওবাৰে আন্দোলনৰ মাজতে আছুৰ প্ৰতিবাদকাৰী সকলে কা’ৰ প্ৰতীকি প্ৰতিলিপি জ্বলাবলৈ লোৱাৰ সময়ত মাৰ্ঘেৰিটা আছু আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱাত প্ৰতিবাদস্থলী অধিক উত্তাল হৈ পৰে।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্য্যসূচী আছুৱে ৰূপায়ণ কৰাৰ বাবে কিছু সময় যানজঁটৰো সৃষ্টি হয়।