NORTHEAST NOW (Assamese)
অসম

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2021 11:25 am
WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত দেওবাৰে নিশা এটা ১৫ জনীয়া দল প্ৰবেশ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়।

সন্দেহজনকভাবে মছজিদত প্ৰবেশ কৰি নামাজ পঢ়ি থকাত সন্দেহ হয় মছজিদৰ একাংশ পৰিচালনা কমিটিৰ লোকৰ।

নামাজ পঢ়াৰ সময়ৰ যি নীতি নিয়ম তাত বিসংগতি দেখা পাই সোধপোচ কৰে যুৱক কেইজনক।

কিন্তু যুৱক কেইজনে কোনো উত্তৰ নিদিয়াকৈ তথা তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচৰাত আটাইয়ে পলায়নৰ চেষ্টা কৰে ৷

তাৰ মাজৰে ৯ জন যুৱকক স্থানীয় ৰাইজে কৰায়ত্ত কৰি সোধপোচ কৰাত তেওঁলোকে অন্য ধর্মৰ বুলি জানিবলৈ দিয়ে।

লগে লগে মছজিদ পৰিচালনা কমিটিয়ে আৰক্ষীক খৱৰ দিয়ে ৷

ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ ৯ জন লোককে আটক কৰি লৈ যায় ৷

বাকীকেইজনে মছজিদৰ পৰা পলায়ন কৰে যদিও আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

যুৱককেইজনে কি উদ্দেশ্যত মছজিদত প্ৰবেশ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বৰ্তমানলৈকে যুৱক কেইজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই।