NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

Posted by: চানু গগৈ/নিৰ্মলেন্দু পাঠক Updated by: চানু গগৈ/নিৰ্মলেন্দু পাঠক January 26, 2021 4:08 pm

সমগ্ৰ দেশৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো আজি উলহ মালহেৰে উদযাপন কৰা হয় ৭২ সংখক গণৰাজ্য দিৱস।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই পতাকা উত্তোলন কৰে{

মন্ত্ৰী গৰাকীৰ উপৰি মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা।

গণৰাজ্য দিৱসৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা ৰাইজৰ উপৰি বহুকেইগৰাকী চৰকাৰী উচ্চ পৰ্যায়ৰ বিষয়া, আৰক্ষী বাহিনী,অৰ্ধ সামৰিক বাহিনী, মহাবিদ্যালয়ৰ NCC লগতে অভ্যাসন বিদ্যালয়ে স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে।

হস্ততাতঁ বস্ত্ৰ শিল্প, পৌৰসভা, বন বিভাগ (ষষ্ঠ  সংযোজন) মৰিগাঁও মীন বিভাগ, পানী যোগান আঁচনি আদিৰ প্ৰদৰ্শন কৰা হয়।

আনহাতে জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সুনাম কঢ়িয়াই অনা শ্ৰদ্ধেয় সকলক মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জনায়।

টীয়ক

ইফালে টীয়কতো আজি কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হয়।

টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, টীয়ক পৌৰসভাৰ উদ্যোগত আৰু  টীয়কবাসীৰ সহযোগত টীয়ক হাইস্কুল খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা পাৱে।

ফটো : নৰ্থ-ইষ্ট নাও

পতাকা উত্তোলনৰ লগে লগে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুজ কাৱাজ প্ৰদৰ্শন কৰে।

এই অনুষ্ঠানতে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা লগতে এক বৰ্নাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।