NORTHEAST NOW (Assamese)
অসম

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 6:28 pm
shashi-tharoor

প্ৰতিবাদী কৃষকৰ দ্বাৰা দিল্লীৰ লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুৱা সম্পৰ্কে মত ব্যক্ত কৰে কংগ্ৰেছৰ জেষ্ঠ সাংসদ শশী থাৰুৰে।

ঐতিহাসিক গণৰাজ্য দিৱসৰ দিনটোত লালকিল্লাত প্ৰতিবাদী কৃষক সকলে কৃষক সকলৰ পতাকা উৰুৱাক চৰম দুৰ্ভাগ্যজনক আখ্যা দিয়ে শশী থাৰুৰে।

‘‘মই প্ৰথম দিনটোৰ পৰা কৃষক সকলৰ প্ৰতিবাদক সমৰ্থন কৰি আহিছো কিন্তু মই অৰজকতাক কেতিয়াও সমৰ্থন কৰিব নোৱাৰো,’’ শশী থাৰুৰে এইদৰে কয়।

‘‘গণৰাজ্য দিৱসৰ দিনটোত অন্য কোনো পতাকা নহয় ৰাষ্ট্ৰীয় পতাকাহে লালকিল্লাত উৰুওৱা হয়,’’ শশী থাৰুৰে পুনৰ এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, আজি প্ৰতিবাদী কৃষকে ট্ৰেক্টৰ ৰেলী বাহিৰ কৰাৰ সময়ত দিল্লী আৰক্ষীয়ে বান্ধি দিয়া নীতি-নিয়ম ভংগ কৰি হিংসাত্মক হৈ পৰে।

ট্ৰেক্টৰ দুৰ্ঘটনাৰ ফলত এগৰাকী প্ৰতিবাদী কৃষকৰো মৃত্যু হয়।

লালকিল্লাত প্ৰতিবাদী কৃষকৰ একাংশই কৃষক পতাকা উৰুওৱাৰ পাছতে কৃষক নেতা সকলে এয়া তেওঁলোকৰ প্ৰতিবাদৰ অংশ নহয় বুলি উল্লেখ কৰি দায় সাৰিব চেষ্টা কৰা পৰিলক্ষিত হৈছে।