NORTHEAST NOW (Assamese)
অসম

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 26, 2021 6:28 pm

ভাৰতৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ নামত থকা সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য কৰিছে ইংলেণ্ডৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা সেই সময়ৰ মহান বেটছমেন জোফ্ৰী বয়কটে।

শ্ৰীলংকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাত জ’ ৰুটে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। শৃংখলটোৰ চাৰিটা ইনিংছত ৰুটে ১০৬.৫০ গড়ে সৰ্বাধিক ৪২৬ ৰান বনাইছিল।

বয়কটে ‘দ্যা টেলিগ্ৰাফ’ত লিখিছে, ‘ডেভিড গাৱৰ, কেভিন পীটাৰছন আৰু মোতকৈ অধিক ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ হৈ সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহকাৰী হোৱাৰ কথা পাহৰি যাওক। জ’ ৰুটৰ ২০০ খন মেচ আৰু শচীন টেণ্ডুলকাৰতকৈ অধিক ৰান কৰাৰ ক্ষমতা আছে’।

তেওঁ লগতে কয়, ‘ৰুটৰ এতিয়া ৩০ বছৰ আৰু এতিয়ালৈকে তেওঁ ৯৯খন টেষ্ট খেলি ৮২৪৯ ৰান বনাইছে। যদি তেওঁ গুৰুতৰভাৱে আঘাতৰ সমস্যাত নপৰে তেন্তে তেওঁ টেণ্ডুলকাৰৰ ১৫৯২১ ৰানৰ অভিলেখ ভংগ কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে’।

অৱশ্যে বয়কটে প্ৰাক্তন ক্ৰিকেটাৰৰ লগত তুলনা কৰাতকৈ বৰ্তমানৰ বিৰাট কোহলী, ষ্টিভ স্মিথ আৰু কেন উইলিয়ামছনৰ লগতহে ৰুটৰ তুলনা হ’ব লাগে বুলিও মন্তব্য কৰে।