NORTHEAST NOW (Assamese)
অসম

কৃষি মন্ত্ৰী অতুল বৰাৰ দেহৰক্ষী ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 7:45 am

অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগত থকা এজন দেহৰক্ষীৰ দেহত মঙলবাৰে ক’ৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। এই কথা সম্পূৰ্ণ নিশ্চিত নহয় যদিও স্বাস্থ্য বিভাগৰ এক সূত্ৰই জানিব দিয়ে।

উল্লেখ্য যে, সোমবাৰে মন্ত্ৰী অতুল বৰাসহ তেওঁৰ লগত থকা সকলো নিৰাপত্তা ৰক্ষী, গাড়ী চালক, অন্যান্য সহযোগীৰ লগতে গোলাঘাট আৱৰ্ত ভৱনৰ কৰ্মচাৰী সকলৰ স্বোৱাব সংগ্ৰহ কৰিছিল জিলা স্বাস্থ্য বিভাগে।

এই মুঠ ৩৬ টা স্বোৱাব নমুনাৰ ফলাফলত মঙলবাৰে মন্ত্ৰী অতুল বৰাৰ লগতে অন্যান্য সহযোগী সকলৰো ফলাফল নিগেটিভ বুলি পোৱা গৈছে।

কিন্তু ইয়াৰ মাজতে এজন দেহৰক্ষীৰ স্বোৱাবৰ ৰিপৰ্ট পজিটিভ হিচাপে আহে।

জিলা স্বাস্থ্য বিভাগে লগে লগে আক্ৰান্ত দেহৰক্ষীজনক গোলাঘাট ক’ভিড হাস্পাতাললৈ আনি চিকিৎসাৰ ব্যৱস্থা কৰিছে। আক্ৰান্ত দেহৰক্ষীজন কেনেকৈ সংক্ৰমিত হ’ল সেয়া এতিয়াও স্বাস্থ্য বিভাগ নিশ্চিত হোৱা নাই।

উল্লেখ্য যে মঙলবাৰৰ দিনটোত মন্ত্ৰী অতুল বৰাৰ দেহৰক্ষীজনকে ধৰি গোলাঘাট জিলাত মুঠ ১০ জন লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হয়।

জিলাখনত এই পৰ্যন্ত ৫৯৪ গৰাকী লোক ক’ৰ‌’নাত আক্ৰান্ত হৈছে যদিও ইয়াৰে বৰ্তমান ৫৪ গৰাকী ৰোগীহে বিভিন্ন হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছে।