NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত পুৱাই বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস

Posted by: এন ই নাও নিউজ ব্যুৰো, গোলাঘাট : December 1, 2017 11:21 am

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত ক্ৰমে ক্ৰমে বৃদ্ধি পাই আহিছে। খাদ্যৰ অভাৱত পৰা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ নিতৌ ক্ষতি কৰি আছে। একেদৰে বনৰীয়া হাতীয়ে মৃত্যুকো সাৱটিব লগীয়া হৈছে নৈমিত্তিক। যোৱা কেইদিন মানত ক্ৰমাগতভাৱে কেইবাটাও হাতীৰ মৃত্যু হৈছে বিভিন্ন পৰিস্থিতিত। আনহাতে এই পকা ধানৰ সময়ত কৃষকে হেৰুৱাইছে তেওঁলোকৰ শ্ৰমৰ ফচল। শেহতীয়াকৈ গোলাঘাট জিলাৰ থুৰামুখত হাতীয়ে আহি সঘনে খেতি-পথাৰত উপদ্ৰৱ চলোৱাৰ বাতৰি আহিছে । আজি  পুৱাই নামবৰ বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে থুৰামুখ অঞ্চলত কৃষকৰ কেইবা বিঘা মাটিৰ পকা ধান খাই আৰু খচি তহিলং কৰিলে।  প্ৰায় ৪–৫ ঘণ্টাৰ চেষ্টাৰ অন্তত কৃষক সকলে হাতী দুটা পুনৰ নামবৰ বনাঞ্চললৈ খেদি পঠিয়ায় । উল্লেখযোগ্য যে যোৱা নিশাও প্ৰায় ৪০-৫০ টা হাতীৰ জাকে ৰঙাজান অঞ্চলত উপদ্ৰৱ চলাইছিল। হাতীৰ এই উপদ্ৰৱ নিয়ন্ত্ৰণত বনবিভাগৰ ব্যৰ্থতাক ৰাইজে গৰিহণা দিয়াৰ লগতে বনবিভাগৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয়।