NORTHEAST NOW (Assamese)
অসম

বজালীত অবৈধ বালি খনন, নীৰৱ ভূমিকা বন বিভাগৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ January 27, 2021 1:33 pm

শূন্য সহনশীলতাৰ নীতি দোহাই দি সভা সমিতিয়ে ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিয়া বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বুঢ়া আঙুলি দেখুৱাই আহিছে একাংশ বিষয়াই।

বজালীৰ পাঠশালা বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অধীনৰ ভৱানীপুৰ বাংলীপাৰা অঞ্চলৰ পহুমৰা নৈত অদ্যপি অব্যাহত আছে অবৈধ বালি খনন কাৰ্য্য।

এই ক্ষেত্ৰত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এচাম অসাধু বালি মাফিয়াই অহৰ্নিশে পহুমৰা নৈত চলাই আহিছে অবৈধ বালি খনন।

সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।

বাংলীপাৰা অঞ্চলৰ পহুমৰা নৈৰ বুকুৰ পৰা এনেদৰে বালি উঠোৱাৰ ফলত সম্প্ৰতি নৈ খনন প্ৰৱল গড়াখহনীয়াৰ কৱলত পৰাৰ আশংকা প্ৰকট হৈ পৰিছে।

উল্লেখযোগ্য যে বহু দিন ধৰি বজালীৰ মাজেৰে বৈ যোৱা পহুমৰা নৈৰ বুকুৰ পৰা বালি উঠোৱা কাৰ্যত সাৰ-পানী যোগাই আহিছে বন বিভাগৰে এছাম  বিষয়া-কৰ্মচাৰীয়ে।

একাংশ ৰাজনৈতিক নেতাৰ আৰ্শীবাদতে চলাই আছে বালি খনন।

তাৎপৰ্যপূৰ্ণ বিষয় এই যে, বনবিভাগক বাৰে বাৰে স্থানীয় ৰাইজে অৱগত কৰিছে যদিও আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰিলে{

বন বিভাগৰ সৈতে গোপন বুজা বুজি থকাৰ বাবে এনেদৰে চলাই গৈছে বালিৰ অবৈধ ব্যৱসায়।

সেয়ে অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে বালি মহলৰ পৰা এনে চক্ৰক উৎখাত কৰা লগতে জনবিৰোধী এনে কাৰ্যৰ বাবে শাস্তিৰ প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰলৈ দাবী জনাইছে দল সংগঠন সমূহে।