NORTHEAST NOW (Assamese)
অসম

সাংবাদিক ৰাজীৱ শৰ্মাৰ গ্ৰেপ্তাৰক লৈ মুখ্য মন্ত্ৰীক স্থিতি স্পষ্টৰ দাবী তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 17, 2020 8:56 pm

এটা বৈদ্যুতিক মাধ্যমৰ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ধুবুৰী আৰক্ষীয়ে উগ্ৰপন্থীৰ দৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই>

আজি প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জৰিয়তে সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে সাংবাদিক শৰ্মাৰ গ্ৰেপ্তাৰৰ ঘটনা সহিব নোৱাৰি ৰাজীৱ শৰ্মাৰ অসুস্থ বৃদ্ধ পিতৃৰ আজি পুৱা ইহলীলা সম্বৰণ কৰাত গভীৰ শোক প্ৰকাশ কৰে।

এই মৰ্মান্তিক ঘটনাৰ বাবে ধুবুৰী আৰক্ষী সম্পূৰ্ণ জগৰীয়া বুলি অভিযোগ কৰি এই ঘটনাৰ গৰিহণা জনোৱাৰ লগতে শীঘ্ৰে সাংবাদিক গৰাকীক বিনা চৰ্তে মুকলি কৰি দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

লগতে গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰপেক্ষভাৱে তদন্তৰ ব্যৱস্থা কৰি দোষীৰ ওপৰত কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

আনহাতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে সমগ্ৰ ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু সাংবাদিকজনৰ বিনা চৰ্তে মুকলিৰ দাবী জনাইছে।