NORTHEAST NOW (Assamese)
অসম

সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 17, 2020 9:10 pm

বিশিষ্ট লেখক তথা সাহিত্য একাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক গুণেশ্বৰ মুছাহাৰীৰ বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটে।

বিশিষ্ট সাহিত্যিক গৰাকীৰ গোসাইগাঁৱত থকা নিজ বাসভৱনত ৮১ বছৰ বয়সত দেহাৱসান ঘটে।

গুণেশ্বৰ মুছাহাৰীয়ে ২০১২ বৰ্ষত তেওঁৰ কাব্যপুথি বড়ো খোন্থায়ৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা সাহিত্য একাডেমী বঁটা লাভ কৰে।

গুণেশ্বৰ মুছাহাৰীয়ে ২০১০ বৰ্ষত বড়ো সাহিত্য সভাৰ পৰা সোমেশ্বৰী ব্ৰহ্ম সাহিত্য পুৰস্কাৰো লাভ কৰে।

বড়ো সাহিত্যৰ বিকাশ আৰু বিস্তাৰৰ বাবে গুণেশ্বৰ মুছাহাৰীৰ অৱদান সকলোৱে স্বীকাৰ কৰি আহিছে।

স্বৰ্গীয় মুছাহাৰীয়ে হা ফিছা হউৱা (১৯৮১), থুনলাই বিজিৰনাই (১৯৯৩), দাইনা (২০০৮), বড়ো খোন্থেয় আদিকে ধৰি বড়ো ভাষাত ভালেকেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে।

স্বৰ্গীয় মুছাহাৰী গোসাইগাঁও বি, এড কলেজৰো প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

বিশিষ্ট সাহিত্যিক গৰাকীৰ বিয়োগত বিটিচিৰ বিভিন্ন দল, সংগঠনে শোক ব্যক্ত কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।