NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 27, 2021 6:49 pm

চৰম ইছলাম বিদ্বেষী মন্তব্য কৰি সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ বাবেই বিজেপিৰ ৰাজ্যিক দায়িত্বৰ পৰা নিলম্বিত হ’ল নেকি সত্যৰঞ্জন বৰা?

আমি এইবাবেই এই প্ৰশ্ন কৰিছো কিয়নো কিছুদিন পূৰ্বলৈকে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতিৰ দায়িত্বত থকা সত্যৰঞ্জন বৰাক চিনি নাপায় স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

সাম্প্ৰদায়িক মন্তব্য কৰি থকা সত্যৰঞ্জন বৰাৰ বিষয়ে ৰঞ্জিত দাসক সাংবাদিকে প্ৰশ্ন কৰাত দাসৰ ওলোটাই সাংবাদিকক প্ৰশ্ন ‘হু ইজ সত্যৰঞ্জন?’

‘কোন সত্যৰঞ্জন? আমাৰতো সত্যৰঞ্জন বুলি কোনো নাই। আজমলে যদি নিজকে বিজেপি বুলি কয় তেন্তে হ’ব নেকি? মই নাজানো, সত্যৰঞ্জন বিজেপি দলৰ কোনো দায়িত্বত নাই।‘ সাংবাদিকৰ আগত এইদৰে কয় দাসে।

দাসৰ এই মন্তব্যৰ পাছতে এতিয়া ‘সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবেই বিজেপিৰ পৰা সত্যৰঞ্জনৰ পাখি কটা গ’ল’ বুলি চৰ্চিত হৈছে।

ইপিনে, কিষাণ মৰ্চাৰ ৰাজ্যিক উপ সভাপতিৰ দৰে দায়িত্বত আছিল যদিও সাধাৰণ সদস্যৰ সৈতেহে সত্যৰঞ্জনক তুলনা কৰে ৰঞ্জিত দাসে।

দাসে কয় ‘তেওঁ বিজেপিৰ সদস্য হ’ব পাৰে। ৪২ লাখ সদস্য আছে বিজেপিত আৰু অনলাইন সদস্য আছে ৮ লাখ। সেই সদস্যসকলে কি বক্তব্য কৰে তাত বিজেপিৰ কোনো দায়বদ্ধতা নাই। দলীয় দায়িত্ব নথকা ব্যক্তিয়ে কথা ক’লে সেইটো মনৰ কথা হ’ব পাৰে দলৰ কথা হ’ব নোৱাৰে।‘

দাসৰ এই মন্তব্যৰ জৰিয়তে সত্যৰঞ্জনক একপ্ৰকাৰে তুচ্ছ-তাচ্ছিল্য কৰা যেনহে অনুমান কৰিব পাৰি।

ইপিনে, মুছলমান বিদ্বেষী এটা ভাৱ লৈ লগত কেইগৰাকীমান সাঙ্গু পাঙ্গুৰে সৈতে চৰম সাম্প্ৰদায়িক মন্তব্যৰে লম্ফ-জম্ফ কৰি বিজেপিৰ প্ৰিয় পাত্ৰ হোৱাৰ প্ৰয়াস চলাইয়ো যেন বিফল হ’ল সত্যৰঞ্জন।

ইয়াৰোপৰি, সংখ্যালঘু ভোট অবিহনে যে বিজেপিৰ বিজয়ৰ ৰথ ২০২১ ৰ বিধানসভা নিৰ্বাচনত স্থবিৰ হ’ব সেই কথা বাৰুকৈয়ে উপলব্ধি কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

সেয়েহে বিভিন্ন সময়ত এতিয়া সংখ্যালঘুৰ প্ৰতি মৰম প্ৰদৰ্শন কৰি ‘সবকা সাথ সবকা বিকাশ’ৰ প্ৰসংগ বহুবাৰ উত্থাপন কৰি আহিছে ৰঞ্জিত দাসে।

ৰঞ্জিত দাসে হয়তো বাৰুকৈয়ে উপলব্ধি কৰিলে যে তেওঁ যদি সত্যৰঞ্জন বৰাৰ পক্ষত থাকি উত্তৰ দিয়ে তেন্তে সংখ্যালঘু ভোটাৰসকলে মনত আঘাত পাব।

সেয়েহে হয়তো এইবাৰ সত্যৰঞ্জন বৰাকে বিজেপিৰ দায়িত্বত নাই বুলি মন্তব্য কৰাৰ লগতে ‘কোন সত্যৰঞ্জন?’ বুলি প্ৰশ্ন কৰি সংখ্যালঘু মুছলমানৰ সমৰ্থন আদায়ৰ বাবে প্ৰয়াস কৰিলে ৰঞ্জিত দাসে।