NORTHEAST NOW (Assamese)
অসম

ৰঙিয়াত শক্তিশালী বোমা উদ্ধাৰক লৈ আতংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2019 10:12 am
jpg

দেওবাৰে পুৱাই  ৰঙিয়াত এক শক্তিশালী বোমা (বিস্ফোৰক) উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি আতংকই বিৰাজ কৰিছে।

চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষী আৰু সেনাই ৰঙিয়া থানাৰ অন্তৰ্গত খন্দিকৰ গাঁৱত যৌথ তালাচী চলায়। তালাচী অভিযানত সুৰক্ষা বাহিনীৰ লোকে তাৰিফুল আলীৰ ঘৰৰ পৰা এটা শক্তিশালী বোমা উদ্ধাৰ কৰে।

অভিযানৰ মাজতে সেনা বাহিনীৰ লোকে গাঁৱখন ঘেৰি ৰাখে আৰু সেনাৰ বোমা নিষ্ক্ৰিয় কৰা ‘বোম স্কোৱাদ’ৰ লোক ঘটনাস্থলীত উপস্থিত হয় বোমাটো নিষ্ক্ৰিয় কৰে।

ইপিনে, তাৰিফুলৰ পৰিয়ালে তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা বোমা সম্পৰ্কত সম্পূৰ্ণ অজ্ঞাত বুলি জানিব দিয়ে।

বোমাটো উদ্ধাৰ হোৱাৰ পাছত তাৰিফুলক গ্ৰেপ্তাৰ কৰিবলৈ লওতে ঘটনাস্থলীত কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় লোকে ইয়াক এটা পৰিকল্পিত ঘটনা বুলি কয় আৰু ঘটনাস্থলীত ধৰ্ণা দিয়ে।

সেনাই তাৰিফুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অধিক সুৰক্ষা বাহিনীৰ লোক নিয়োগ কৰা বুলি জানিব পৰা গৈছে।