NORTHEAST NOW (Assamese)
অসম

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা January 28, 2021 12:32 pm
index.jpgnm

শুৱালকুছিৰ মাটিপৰ্বতত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

নিশা ব্যৱসায়ী শান্তনু কলিতাৰ ঘৰৰ সন্মুখত পাৰ্কিং কৰি থোৱা AS01-BV-7722 নম্বৰৰ এখন মাৰুটি S-CROSS বাহনখনত অগ্নি সংযোগ কৰিলে কোনো দুৰ্বৃত্তই।

নিশা বাহনখন দপদপাই জ্বলি থকা দেখি চুবুৰীয়াই খবৰ দিয়ে বাহনখনৰ গৰাকীক।

বাহনখন জ্বলি থকা স্থানত উপস্থিত হৈয়ে গৰাকীজনে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নি নিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতমিধ্যে বাহনখন জ্বলি প্ৰায় শেষ হৈ যায়।

কোন লোকে আৰু কিয় ব্যৱসায়ীজনৰ বাহনখনত অগ্নি সংযোগ কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।