NORTHEAST NOW (Assamese)
Popular Stories

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 28, 2021 2:01 pm
DEEP

২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা সংঘটিত লাল কিল্লা কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক! অভিযুক্ত সিদ্ধুৱে ২৬ জানুৱাৰীত প্ৰতিবাদকাৰীৰ ভিৰৰ মাজৰে পৰাই পলায়ন কৰা বুলি চৰ্চা লাভ কৰিছে।

ইফালে দিল্লী আৰক্ষী আয়ুক্তই প্ৰকাশ কৰা অনুসৰি কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ২৫ টা গোচৰ পঞ্জীয়ন কৰিছে।

লাল কিল্লা কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধুৰ বিৰুদ্ধেও দিল্লী আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে লাল কিল্লা কাণ্ডৰ পিছতে চ’ছিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে মূল অভিযুক্ত দীপ সিদ্ধুৱে দিল্লীৰ পৰা পলায়ন কৰিছে ধাৰণা কৰা হৈছে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত দীপ সিদ্ধুৱে এখন মটৰ চাইকলেত উঠি দিল্লীৰ পৰা পলায়ন কৰা দেখা গৈছে বুলিও চৰ্চা হৈছে। বুধবাৰে দীপ সিদ্ধুৱে ফেইচবুকত দুটা লাইভ ভিডিঅ’ কৰা দেখা যায়, য’ত নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।

উল্লেখ্য যে লাল কিল্লা কাণ্ডৰ পিছতে দীপ সিদ্ধুৰ বিষয়ে বহু আপত্তিজনক তথ্য পোহৰলৈ আহিছে।

বুধবাৰে আম আদমি নেতা ৰাঘৱ চাড্ডাই সংবাদমেল যোগে দীপ সিদ্ধুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উঠা ফ’টো ভাইৰেল কৰে।

ইয়াৰ পিছতে দীপ সিদ্ধুৰ বিজেপিৰে থকা ঘনিষ্ঠতাক লৈ চৰ্চা আৰম্ভ হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদ তথা অভিনেতা চানী দেওলৰ নিৰ্বাচনী প্ৰচাৰৰ মেনেজাৰৰ দায়িত্বতো আছিল দীপ সিদ্ধু।

সংযুক্ত কৃষাণ মৰ্চাৰ একাংশ নেতাই দীপ সিদ্ধুক আৰএছএছৰ এজেন্ট বুলি দাবী কৰিছে। আনকি দীপ সিদ্ধু নিষিদ্ধ ঘোষিত শিখ সন্ত্ৰাসবাদী সংগঠন শিখছ ফৰ জাষ্টিছ(এছএফজে)ৰ সদস্য বুলিও প্ৰকাশ পাইছে।

অভিনেতা দীপ সিদ্ধুৱে কৃষক আন্দোলনত অংশগ্ৰহণ কৰি বহু সময়ত বিতৰ্কিত মন্তব্যও কৰি অহা পৰিলক্ষিত হৈছিল। তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত আৰম্ভ হোৱা কৃষক আন্দোলনত অংশগ্ৰহণ কৰি অক্টোবৰৰ প্ৰথমটো সপ্তাহত দীপ সিদ্ধুৱে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে কৃষক সংগঠনৰ ওচৰত তেওঁ ক্ষমা ভিক্ষা কৰিবলৈও বাধ্য হৈছিল বুলি প্ৰকাশ পাইছে।