NORTHEAST NOW (Assamese)
Popular Stories

শেষ নিশ্বাস ত্যাগ পদ্মশ্ৰী আৰ কে কৃষ্ণকুমাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2023 8:35 am

ৰতন টাটাৰ ঘনিষ্ঠ, বিশ্বাসী তথা টাটা গ্ৰুপৰ প্ৰবীণ সদস্য আৰ কৃষ্ণকুমাৰে দেওবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। কেৰালাত জন্মগ্ৰহণ কৰা কৃষ্ণকুমাৰে টাটা গ্ৰুপৰ আতিথ্য শাখা তথা ভাৰতীয় হোটেলৰ মুৰব্বীকে ধৰি একাধিক পদত কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যুৰ তেওঁৰ বয়স আছিল ৮৪ বছৰ।

জানিব পৰা মতে, পদ্মশ্ৰী বঁটা বিজয়ী আৰ কৃষ্ণকুমাৰে দেওবাৰে বিত্তীয় ৰাজধানী মুম্বাইৰ নিজ গৃহত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। টাটা চন্সৰ বৰ্তমানৰ অধ্যক্ষ এন চন্দ্ৰশেক্ৰনে টাটা গ্ৰুপলৈ কৃষ্ণকুমাৰৰ “বিপুল অৱদান”ৰ বাবে শোক প্ৰকাশ কৰে।

দক্ষিণৰ ৰাজ্যসমূহৰ সৈতে টাটা গোটৰ সম্পৰ্ক মজবুত কৰাত সহায় কৰাৰ বাবে আৰ কৃষ্ণকুমাৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰি কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে টুইটযোগে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে কৃষ্ণকুমাৰে কাৰ্যবাহী পদৰ পৰা অৱসৰ লোৱাৰ পিছত টাটা ট্ৰাষ্টৰ সৈতে সক্ৰিয় হৈ আছিল আৰু চাইৰাছ মিষ্ট্ৰী অউষ্টাৰ এপিচ’ডত ৰতন টাটাৰ সৈতে কাম কৰা দলটোৰ অংশ আছিল।

এতিয়া কৃষ্ণকুমাৰৰ মৃত্যুৰ পিছত টাটা গ্ৰুপৰ লগতে তেখেতৰ জন্মভূমিত শোকৰ ছাঁ পৰিছে।