NORTHEAST NOW (Assamese)
অসম

কিয় সত্যৰঞ্জন বৰাক ‘চিনি পাওঁ’ বুলি ক’বলৈ কুন্ঠাবোধ কৰে সকলোৱে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 29, 2021 6:38 am
ae785b91-efa4-42bf-ab6b-d23d5fc8e43f (1)

বিতৰ্কিত তথা চৰম সাম্প্ৰদায়িক মন্তব্যৰে লম্ফ-জম্ফ কৰি সমাজত একপ্ৰকাৰ বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা সত্যৰঞ্জন বৰা এতিয়া বিজেপিৰে এক প্ৰকাৰ মূৰৰ কামোৰণিৰ দৰে হৈ পৰিছে।

সকলোৱে যেন সত্যৰঞ্জন বৰাৰ নাম শুনিলেই এতিয়া ‘চিনি নোপোৱা’ৰ ভাও ধৰা আৰম্ভ কৰিছে।

বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতিৰ দায়িত্বত কাৰ্য্যনিৰ্বাহ কৰিছিল যদিও বুধবাৰে ‘কোন সত্যৰঞ্জন? আমাৰ দলততো কোনো সত্যৰঞ্জন নাই’ বুলি সাংবাদিককহে উভতি ধৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

তাৰ পাছত বৃহস্পতিবাৰে ‘কোন সত্যৰঞ্জন বৰা, তেওঁক চিনি নাপাওঁ’ বুলি একপ্ৰকাৰ ধমক দিয়ে চিৰিয়াখানাৰ ডি.এফ.অ’ তেজস্ব মৰিস্বামীয়ে।

উল্লেখযোগ্য যে, ‘বাঘে চিৰিয়াখানাত কি খায়?’ সেয়া চাবলৈ বৃহস্পতিবাৰে চিৰিয়াখানাত উপস্থিত হৈছিল বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা।

কালি নিশা সত্যৰঞ্জন বৰাই ফোনযোগে ডি.এফ.অ’ তেজস্ব মৰিস্বামীৰ পৰা চিৰিয়াখানাত প্ৰৱেশৰ অনুমতি বিচাৰিছিল।

তেতিয়া সত্যৰঞ্জন বৰাক ডি.এফ.অ’ গৰাকীয়ে কৈছিল ‘তেওঁ মোক সত্যৰঞ্জন বৰা বুলি কৈছিল তেতিয়া মই চিনি নাপাওঁ বুলি কৈছিলো। তেওঁতো পাব্লিক ফিগাৰ নহয়। তেওঁ মোক মাকৰ নাম ক’লে মই কেনেকৈ চিনি পাম? মই তেওঁক সাধাৰণ দৰ্শকৰ দৰে অনলাইন টিকট কাটি চিৰিয়াখানা চাবলৈ কৈছিলো।‘

ইপিনে, চিৰিয়াখানাৰ ভিতৰত সত্যৰঞ্জন বৰাই কোনোধৰণৰ সংবাদমেল অনুষ্ঠিত কৰাৰ অনুমতি নাই বুলি দাবী কৰি মৰিস্বামীয়ে কয়, ‘গৰু মাংসৰ কথা কৈ শেহতীয়াকৈ তেওঁ বহু হুলস্থুল কৰিছে। এইবোৰ চৰকাৰী কাৰ্য্যালয়ত কৰিব নোৱাৰে। পাব্লিক অফিচত আপুনি ৰাজনীতি কৰিব নোৱাৰে। সাধাৰণ জনতা হিচাপে আহিছে গতিকে মোৰ কাৰ্য্যালয়ত আহক আৰু কথা পাতক।‘

ইপিনে, সত্যৰঞ্জন বৰাই ‘কোনোধৰণৰ ৰাজনীতি কৰিবলৈ চিৰিয়াখানালৈ অহা নাই।‘ বুলি একপ্ৰকাৰ দায়সৰা মন্তব্য কৰাৰ লগতে তেওঁক চিৰিয়াখানাৰ ডিএফঅ’ই চিনি নোপোৱাটো কোনো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হিন্দুত্ববাদী নেতাজনৰ উচটনিত একাংশ তেওঁৰ সাংগ পাংগৱে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত বাঘক খুৱাবলৈ অনা গৰু মাংস কঢ়িয়াই অনা গাড়ী আৱদ্ধ কৰি এক অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰিছিল।

এতিয়া মন কৰিব লাগিব যে সকলো ধৰ্ম নিৰপেক্ষ লোকৰ একপ্ৰকাৰৰ যেন মূৰৰ কামোৰণি হৈ পৰিছে সত্যৰঞ্জন বৰা, যাৰ বাবে যে বিজেপিৰ দলীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি চৰকাৰী উচ্চ পদস্থ বিষয়ালৈকে সকলোৱে তেওঁক চিনি নাপাওঁ বুলি ক’বলৈ আৰম্ভ কৰিছে।