NORTHEAST NOW (Assamese)
অসম

সংসদৰ যুটীয়া অধিৱেশনৰ ভাষণত ৰাষ্ট্ৰপতি কোবিন্দে ল’লে অসম কেশৰী অম্বিকাগিৰিৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2021 3:05 pm
ambikkaaa

সংসদৰ যুটা অভিৱেশনত আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দিয়া ভাষণত ঠাই পালে অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ৰ প্ৰসংগই।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁৰ ভাষণৰ মাজতে অম্বিকাগিৰিৰ কালজয়ী কবিতাৰ পক্তি আওৰায়।

অম্বিকাগিৰিৰ ‘ওম তৎসৎ ভাৰত মহান,এক চেতনাত, এক ধ্যানত , এক সাধনাত, এক আৱেগত, এক হৈ যা, এক হৈ যা…’ কবিতা আওৰাই কোবিন্দে কয় যে জাতীয় চেতনা জাগ্ৰত কৰি প্ৰতি গৰাকী ভাৰতীয়ই দেশৰ হিতাৰ্থে কাম কৰি যাব লাগিব।

তেওঁ লগতে কয় যে ক’ৰ’ণাতংকৰ মাজত সংসদৰ যুটীয়া অধিৱেশন অনুষ্ঠিত কৰাটো এক গুৰুত্বপূৰ্ণ কথা হিচাবে বিবেচিত হৈছে।

ভাৰতে চলিত বৰ্ষতে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষত ভৰি দিব বুলি উল্লেখ কৰি কোবিন্দে কয় যে ভাৰতে এতিয়া নতুন যুগ এটাত প্ৰৱেশ কৰিবলৈ ওলাইছে।

এই নতুন যুগত ভাৰতে নতুন নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ ভাষণত উল্লেখ কৰে।

অম্বিকাগিৰিৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া উত্তৰপূৰ্বাঞ্চলৰ উন্নয়নৰ বিষয়ত অধিক গুৰুত্ব দিছে।তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ প্ৰথ লক্ষ্য দেশৰ কৃষিখণ্ডৰ উন্নয়ন বুলিও মন্তব্য কৰে।