NORTHEAST NOW (Assamese)
অসম

লোক সংস্কৃতিবিদ ,গৱেষক পণ্ডিত ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিন উদযাপন

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ June 21, 2021 9:30 pm
nab

২১ জুন তাৰিখে অসমৰ প্ৰখ্যাত লোক-সংস্কৃতিবিদ , গৱেষক পণ্ডিত প্ৰফেছৰ অৱ এমেৰিটাৰ্চ অধ্যাপক ড.নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিনটো গুগল মিটৰ জৰিয়তে ধুবুৰী জনকৃষ্টি সমাজৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভা , ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত এক বিশেষ গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠানৰ জৰিয়তে উদযাপন কৰা হয়।

শিশু শিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেন্দ্ৰজিত শৰ্মাই পৰিবেশন কৰা গোৱালপৰীয়া লোক গীতেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয় ।

সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু ড.নবীন চন্দ্ৰ শৰ্মাৰ পৰিচয় দাঙি ধৰে জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে ।

আদৰণী ভাষণ প্ৰদান কৰে ধুবুৰী জনকৃষ্টি সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ শৰ্মাই |সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক জয় সিং টকবেই ।
ভাষণ প্ৰংগত টকবেই কাৰ্বি সংস্কৃতিৰ ওপৰত কিছু ৰেখাপাত কৰাৰ লগতে ড.নবীন চন্দ্ৰ শৰ্মাৰ পাণ্ডিত্যৰ ওপৰত আলোকপাত কৰে ।

gg

অনুষ্ঠানৰ প্ৰাৰম্ভতে সঞ্চালক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই কয় যে ড.নবীন চন্দ্ৰ শৰ্মা বহুমূখী পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি ।

তেওঁৰ গ্ৰন্থ অধ্যয়ন অবিহনে শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ত স্নাতক , স্নাতকোত্তৰ আৰু লোক -সংস্কৃতি বিষয়ত ডিগ্ৰী লাভ কৰাতো অসম্ভৱ ।

এই বিৰল পাণ্ডিত্যৰ ব্যক্তিগৰাকীয়ে প্ৰতিভাৰ জোখাৰে বিশেষ স্বীকৃতি নাপালে |এইগৰাকী প্ৰফেছাৰ অৱ এমেৰিটাৰ্চ পণ্ডিতৰ সমগ্ৰ গ্ৰন্থ ড.নবীন চন্দ্ৰ শৰ্মাৰ ৰচনৱলী নামেৰে অসম চৰকাৰে অনতি পলমে প্ৰকাশ কৰিব লাগে বুলি সভাত প্ৰস্তাৱ দাঙি ধৰে ।

অসমৰ বিভিন্ন অঞ্চলৰ পৰা অংশ গ্ৰহণ কৰা ব্যক্তিসকলে একমুখে এই প্ৰস্তাৱ সমৰ্থন কৰি চৰকাৰক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাই |এই অনষ্ঠানত “অসমত লোক-সংস্কৃতি চৰ্চা আৰু ড.নবীন চন্দ্ৰ শৰ্মা” -শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ,বিশিষ্ট সাহিত্যিক ডা.বিপিন চন্দ্ৰ কলিতাই ।

ভাষণ প্ৰসংগত ডা.কলিতাই অসমৰ লোকসংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে ড.নবীন চন্দ্ৰ শৰ্মাৰ লোক -সংস্কৃতি অধ্যয়নৰ পদ্ধতিৰ বিতং ব্যাখ্যা দাঙি ধৰে |অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ,গৱেষক পণ্ডিত ,লোক-সংস্কৃতিবিদ ড.উপেন ৰাভা হাকাচামে |

ভাষণ প্ৰসংগত ড.হাকাচামে পণ্ডিতগৰাকীৰ বহুমুখী প্ৰতিভাৰ ওপৰত ৰেখাপাত কৰাৰ লগতে তেখেতৰ অনবদ্য সৃষ্টিৰ পোষকতা কৰে ।

কবিতা পাঠেৰে পণ্ডিত গৰাকীলৈ জন্মদিনৰ অভিনন্দন জনাই মাজুলীৰ নৱপ্ৰজন্মৰ কবি -সাহিত্যিক শংকু সিদ্ধ নাথ আৰু পাপু বৰাই |মিছিং ঐনিতমেৰে পণ্ডিতগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই যোৰহাটৰ পৰা ইন্দিৰা পাও গগৈয়ে ।

ড.নবীন চন্দ্ৰ শৰ্মালৈ জন্মদিনৰ ওলগ জনাই শুভেচ্ছামূলক ব্যক্তব্য প্ৰদান কৰে মঙলদৈৰ পৰা ড.মোহিনী গোস্বামী ,নগাঁৱৰ পৰা ড.ৰজিতা কলিতা মৰল,ছিপাঝাৰৰ পৰা ড.প্ৰসন্ন কুমাৰ নাথ ,ডিফুৰ দেবেন কাকতি ,গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাস ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী ,নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা ,ধুবুৰীৰ পৰা মিহিৰ দাস ,চাপৰৰ পৰা তিলক প্ৰসাদ আদিয়ে ।

অনুষ্ঠানত ব্যাস ওজাপালি আৰু নাঙেলী গীত পৰিবেশন কৰে শিল্পী মুকুট চন্দ্ৰ হাজৰিকাই |হেমলত কাকতি আৰু মিলন দেৱী বিয়া গীত পৰিব্শনেৰে পণ্ডিতগৰাকীক জন্মদিনৰ ওলগ যাচে ।
ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে শিক্ষা জীৱনৰ পৰা আৰম্ভ কৰি সমগ্ৰ গোৱালপাৰা -ধুবুৰী অঞ্চলত লোকসংস্কৃতিৰ সমল বোটলা কাৰ্যত পণ্ডিত ড.নবীন চন্দ্ৰ শৰ্মাৰ লগত তেখেতৰ সান্নিধ্যৰ সজল সোঁৱৰণ কৰে |

ড.নবীন চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী বাসন্তী দেৱীয়ে এই অনুষ্ঠানৰ বাবে অসমবাসীক কৃতজ্ঞতাৰে শ্ৰদ্ধা জনায়|

জিলা সম্পাদক আজাদ আলী আহমেদে অনুষ্ঠানৰ শলাগ জ্ঞাপন কৰে ।

এই অনুষ্ঠানত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী ,অধ্যাপক -অধ্যাপিকা প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুণী -জ্ঞানী ব্যক্তিসকলে অংশ গ্ৰহণ কৰে |জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে |