NORTHEAST NOW (Assamese)
অসম

৯ জিলাত হ’ব পাৰে সম্পূৰ্ণ লকডাউন ,ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত, মৃতকৰ সংখ্যা কিমান?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2021 9:58 pm
Covid positive ptients flee

ক্ৰমান্বয়ে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বহু খিনি উন্নতি হৈছে।

তথাপি ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আজিও আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে আৰু জিলা কেইখনত প্ৰয়োজন সাপেক্ষে ১০ দিনৰ সম্পূৰ্ণ লকডাউনো ঘোষণা কৰাৰ সম্ভাৱনা আছে।

বুধবাৰে চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে।

ইপিনে সামগ্ৰিক ভাবে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও কমি আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাই আহিছে।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কম হৈছে।


আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৩৫ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৮০৫ গৰাকী লোক ।
আজি ১,৭০,৮৫৬ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ১.৬৪ শতাংশ ।

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯২.৪০ শতাংশ ।
অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি।