NORTHEAST NOW (Assamese)
অসম

হাজোৰ এখন চিকিৎসালয়ত হেনো অশৰীৰী আত্মাৰ আতংক! কি কৰিছে ‘ভূতে’?

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 21, 2021 10:23 pm
dog

হাজোৰ এখন চিকিৎসালয়।

চিকিৎসালয় খনত ঘূৰি ফুৰিছে অশৰীৰী আত্মা!

সেয়ে সমগ্ৰ অঞ্চলজুৰি এতিয়া বিয়পি পৰিছে আতংক। স্থানীয় একাংশ লোকে জনোৱা মতে দিন দুপৰতে হেনো চিকিৎসালয় খনত এই অশৰীৰী আত্মাই চলাইছে উপদ্ৰৱ।

চিকিৎসালয়ৰ আজবাব লণ্ডভণ্ড কৰিছে অশৰীৰী আত্মাই।

টানি লৈ ফুৰিছে চিকিৎসালয়ৰ আজবাব! বিজ্ঞান প্ৰযুক্তিৰ জয়জয়কাৰ সময়ত কি এই অদৃশ্য শক্তিৰ উপদ্ৰৱ?

হাজোৰ গড়পোট গাঁওৰ এইখন উপ স্বাস্থ্যকেন্দ্ৰত সংঘটিত হৈছে এই আজব ঘটনা! চিকিৎসালয় খন মেৰামতিৰ কাম কৰি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে। নিজ চকুৰে এজন মিস্ত্ৰীয়ে দেখিছে হেনো অশৰীৰী আত্মাৰ উপদ্ৰৱ!

অঞ্চলটোৰ ৰাইজ এতিয়া আতংকিত। দিনতে এতিয়া মানুহ ওলাবলৈ ভয় কৰা হৈছে অঞ্চলটোত! কৌতূহল উৎকণ্ঠাৰ মাজত দিন অতিবাহিত কৰিছে অঞ্চলবাসীয়ে!

দৰাচলতে ভূত-প্ৰেতৰ ধাৰণাক বিজ্ঞানে কোনো দিনেই মানি লোৱা নাই। এইক্ষেত্ৰত পেৰা চাইক’লজিষ্টসকলৰ কথা সুকীয়া।

ভূত-প্ৰেতৰ নামলৈ ৰাজ্যৰ বহু ঠাইত পূৰ্বে দুষ্ট প্ৰকৃতিৰ লোকে নানান অপকৰ্ম সংঘটিত কৰাৰো নজিৰ নথকা নহয়।

কোনো বিশেষ পৰিস্থিতিত কোনো লোকৰ মানসিক অৱস্থাৰ পৰিবৰ্তনৰ বাবেও এনে ঘটনা ঘটা বুলি অনুভৱ কৰিব পাৰে।

যিকিনহওঁক,অন্ধবিশ্বাসে যাতে হাজোৰ গড়পোট গাঁৱত আৰু অধিক শিপাব নোৱাৰে তাৰ বাবেহে এতিয়া  সজাগতাৰ সৃষ্টি কৰা উচিৎ।

লগতে ঘটনাটোৰ ৰহস্য উদ্ঘাটন কৰাৰ ব্যৱস্থা প্ৰশাসনে কৰা উচিৎ হ’ব বুলি সচেতন মহলে মন্তব্য কৰিছে।