NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত দুৰ্বৃত্তই ধ্বংস কৰিলে ভাৰতে উপহাৰ দিয়া মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমুৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2021 3:11 pm

ৰাষ্ট্ৰ পিতা মহাত্মা গান্ধীৰ ২৯৪ কিলোগ্ৰাম ওজনৰ এটা ব্ৰঞ্জেৰে নিৰ্মিত প্ৰতিমুৰ্তি আমেৰিকা যুক্তৰাষ্ট্ৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি বিনষ্ট কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেলিফোৰ্নিয়াত থকা ডেভিচ চহৰৰ চেণ্ট্ৰেল পাৰ্কত মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমুৰ্তিটো স্থাপন কৰা আছিল।

২০১৬ চনত ভাৰত চৰকাৰে ডেভিচ চহৰক মহাত্মা গান্ধীৰ ২৯৪ কিলোগ্ৰাম ওজনৰ প্ৰতিমুৰ্তিটো উপহাৰ দিছিল।

মাৰ্কিন প্ৰশাসনে মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি বিনষ্ট কৰা ঘটনাক গৰিহণা দিয়াৰ লগতে এয়াৰ সৈতে জড়িত থকা দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

‘‘সমগ্ৰ বিশ্বৰ শান্তি আৰু ন্যায়ৰ সন্মানীয় প্ৰতীক গৰাকীৰ প্ৰতিমুৰ্তিত কৰা আক্ৰমণ দুৰ্ভাগ্যজনক আৰু গৰিহণা যোগ্য’’ ডেভিচ প্ৰশাসনে এইদৰে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মাৰ্কন নিৰ্বাচনৰ সময়ত আমেৰিকাত থকা মহাত্মা গান্ধীৰ এটা প্ৰতিমুৰ্তিত দুৰ্বৃত্তই আক্ৰমণ কৰি ক্ষতিসাধন কৰাৰ লগতে অন্য এটা প্ৰতিমুৰ্তিত ক’লা ৰং সানিছিল।

আমেৰিকাত থতা ভাৰতীয় দূতাবাসৰ কাৰ্য্যালয়ৰ তৰফৰ পৰাও জাতিৰ পিতাক কৰা অসন্মাৰ ঘটনাক গৰিহণা দিয়া হয়।