NORTHEAST NOW (Assamese)
অসম

চীনক সমৰ্থন কৰি নিজৰ দেশতে সংকটত ইমৰাণ খান; বৈদেশিক বিভাগে দিলে সকীয়নি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 5, 2020 8:20 am
49198608_303

চীনৰ সৈতে বন্ধুত্বই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বাবে সংকটহে কঢ়িয়াই আনিছে। তেওঁ এতিয়া নিজৰ দেশতে সমালোচনাৰ সন্মুখীন হৈছে।

চীনক সমৰ্থন কৰাকলৈ পাকিস্তানৰ বৈদেশিক বিভাগে ইমৰাম খানক সকীয়াই দিছে।

বৈদেশিক বিভাগে কয় যে যদি পাকিস্তানে চীনক সমৰ্থ কৰিবলৈ নেৰে তেতিয়াহ’লে ই বিশ্ব পৰ্যায়ত এলাগী হৈ পৰিব।

বাতৰি অনুসৰি, বৈদেশিক বিভাগে কয় যে ভাৰতৰ সৈতে সংঘাচ আৰু কৰ’না সংকটৰ বাবে চীন আন্তা:ৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰভাৱে সমালোচিত হৈছে।

যদি পাকিস্তানে চীনৰ সৈতে ইয়াৰ নীতিৰ পৰ্যালোচনা নকৰে তেতিয়াহ’লে ই বিশ্বৰ অৰ্থনৈতিক শক্তিসমূহৰ ক্ষোভ বৃদ্ধি কৰি তুলিব।

কোৱা হৈছে যে এই অৰ্থনৈতিক শক্তিসমূহে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছত চীনক বিশ্বস্তৰত একাষৰীয়া কৰাৰ বাবে কাম কৰি আছে।

চীনক চকু মুদি সমৰ্থন জনোৱা পাকিস্তানৰ বাবে ডাঙৰ আঘাততো তেতিয়াই আহিল যেতিয়া য়ুৰোপীয় য়ুনিয়ন আৰু ব্ৰিটেইনে পাকিস্তানী এয়াৰলাইনছৰ বিমানসমূহক ইন্ধন ভৰোৱাটো নিষিদ্ধ কৰি দিয়ে।

ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পাছত চীনৰ বিৰুদ্ধে য়ুৰোপৰ দেশসমূহে চীনক একাষৰীয়া কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

এইক্ষেত্ৰত ইছলামবাদৰ ধাৰণা যে পাকিস্তানেও এতিয়া এই দেশসমূহৰ ক্ষোভৰ বলি হ’বলগীয়া হ’ব পাৰে।