NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত পূৰ্ণোদ্যমে চলিছে অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহৰ প্ৰস্তুতি

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা January 30, 2021 3:31 pm
blast

অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহৰ প্ৰস্তুতি কলিয়াবৰত পূৰ্ণদ্যোমে চলিছে ।

দেওবাৰে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত অনুস্থিত হব অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ।

স্থানীয় বিধায়ক , জলসম্পদ বিভাগৰ মন্ত্ৰী, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ গৃহ সমষ্টিত আয়োজন কৰা এই জাতীয় ঐক্য সমাৰোহত দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, জ্যেষ্ঠ নেতা মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক গোটৰ নেত্ৰী কল্পনা পাটোৱাৰীকে ধৰি জ্যেষ্ঠ-কনিষ্ঠ ভালে সংখ্যক দলীয় নেতাই  অংশগ্ৰহণ কৰিব।

সমাৰোহত বিশৰ পৰা পঁচিশ হাজাৰ লোকৰ সমাবেশ ঘটিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

দলীয় কৰ্মী সকলৰ অভ্যৰ্থনাৰ বাবে সাজু কৰা হৈছে বৃহৎ ভোজনালয় ।

পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পন আৰু স্মৃতি কাৰ্যসূচীৰে জাতীয় ঐক্য সমাৰোহ আৰম্ভ হব।

ঐক্য সমাৰোহৰ অনুষ্ঠানত যোগদান কৰিব বহু পুৰণি কেইবাগৰাকী কংগ্ৰেছ নেতাই।