NORTHEAST NOW (Assamese)
অসম

সমুদ্ৰৰ মাজৰ যোগোযোগ বিচ্ছিন্ন দ্বীপ ভাচানচৰলৈ ৰোহিংগীয়া শৰণাৰ্থীক পঠিয়ালে বাংলাদেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2021 4:48 pm
TOPSHOTS-TOPSHOT-BANGLADESH-MYANMAR-ROHINGYA-REFUGEE

ম্যানমাৰৰ সেনাৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেশ খনৰ ৰাখিন প্ৰদেশৰ পৰা জলপথেৰে বাংলাদেশলৈ পলাই যোৱা লাখ লাখ ৰোহিংগীয়া শৰণাৰ্থী এতিয়া বাংলাদেশ চৰকাৰৰ মূৰ কামোৰণি স্বৰূপ হৈ পৰিছে।

ৰোহিংগীয়া শৰণাৰ্থীক পুনৰ সংস্থাপিত কৰাৰ বাবে বাংলাদেশৰ চৰকাৰে বহু দিনৰে পৰা চিন্তা-চৰ্চা কৰি আহিছে।

ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপৰ বাবেই বাংলাদেশ ৰোহিগীয়া শৰণাৰ্থী সকলক খেদি দিবও পৰা নাই।

এনে পৰিস্থিতিত সাগৰৰ মাজৰ যোগাযোগ বিচ্ছিন্ন দ্বীপ এটালৈ ৰোহিংগীয়া শৰণাৰ্থীক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে বাংলাদেশৰ চৰকাৰে।

সেইমৰ্মে আজি চাৰি খন জাহাজেৰে ১ হাজাৰ ৪৬৪ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক বাংলাদেশৰ চৰকাৰে সাগৰৰ মাজত থকা নিৰ্জন দ্বীপ ভাচানচৰৰ প্ৰেৰণ কৰে।

কালিৰ দিনটোতো ১,৭৭৮ গৰাকী ৰোহিংগীয়া শৰণাৰ্থীক উক্ত দ্বীপটোলৈ প্ৰেৰণ কৰা হৈছিল।

বাংলাদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে প্ৰায় ৪০ হাজাৰ ৰোহিংগীয়া শৰণাৰ্থীক উক্ত যোগাযোগ বিচ্ছিন্ন দ্বীপটোলৈ প্ৰেৰণ কৰা হ’ব।

মুখপাত্র গৰাকীয়ে প্ৰকাশ কৰা মতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে আৰু পাঁচ হাজাৰ ৰোহিংগীয়া লোকক উক্ত দ্বীপলৈ প্ৰেৰণ কৰা হ’ব।

বাংলাদেশৰ চৰকাৰে দ্বীপটোক মানুহৰ বসবাসৰ উপযোগী কৰি তোলাৰ চেষ্টা চলোৱা বুলি তেওঁ কয়।

উল্লেখ্য ২০১৭ চনত বাংলাদেশৰ কক্স বাজাৰ অঞ্চললৈ প্ৰায় ৪ লাখ ৰোহিংগীয়া শৰণাৰ্থী আহিছিল।

পৰৱৰ্তী সময়ত সেই সংখ্যা প্ৰায় ৮ লাখ হৈছিলগৈ।

ৰোহিংগীয়া শৰণাৰ্থীয়ে বাংলাদেশত ব্যাপক হাৰত চুৰি-ডকাইতি, হত্যা-ধৰ্ষণ আদিত লিপ্ত হৈ পৰাত চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।